মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
21 নং শাৰী:
 
==মণি-কাঞ্চণ সংযোগ==
শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই।নাপায়। তেওঁ আৰু কলেক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেয়োমাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়াইআগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ'ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ "যথা তৰুৰ মূল -------" শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱদেৱীকদেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰি গৈছে।<ref>{{cite web|url=http://www.srimanta.net/contents_l3.php?q=3&ID=1&ID3=41&link_caption=Madhavadeva |title=Welcome to The Site |publisher=Srimanta.net |date= |accessdate=2013-03-16}}</ref>।
 
==সাহিত্য ৰচনা==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে