মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
19 নং শাৰী:
==পূৰ্বপুৰুষ আৰু জন্ম==
[[File:মাধৱদেৱৰ জন্মস্থান ভৱনৰ আলোকচিত্ৰ২.jpg|thumb|মাধৱদেৱৰ জন্মস্থান ]]
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে। এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে। এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম [[মনোৰমা]]<ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref>। তদুপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
ধবলা নৈৰ পাৰত থকা '''বাণ্ডুকা''' নামে ঠাইত মহোদৰ ভূঞা নামেৰে এজন কায়স্থ আছিল। তেওঁক গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামেৰে জনা গৈছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰিছিল। তেওঁৰ প্ৰথমা পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই তেওঁৰ পত্নী অনুচিতাৰ মৃত্যুৰ পাছত মনত বৈৰাগ্য ভাৱৰ উদ্ৰেক হোৱাত ৰজাঘৰীয়া বিষয়-বাব এৰি আহি বৰদোৱাত থাকিবলৈ লয়। তাতে শংকৰদেৱক লগ পোৱাত টেম্পাৰাণি বান্ধতে ঘৰ-বাৰী সাজি বসতি কৰিবলৈ ল'লে। ইয়াতে তেখেতে শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰায়।
 
বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোতে বাটতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগতে লৈ আহিল। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল 'ঘাগৰবালি' নামে ঠাইত। সেয়েহে তেখেতে 'ঘাগৰী মাজী' নামেৰেও প্রখ্যাত আছিল। নাৱতে ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখিত্বত পৰিণত হ'ল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
 
পিছত তেওঁলোকে উজীৰৰ ঘৰৰ কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰশিঙা উজীৰৰ এই ঘৰতে ১৪১১ শকৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়।<ref name="মাধৱদেৱ">{{cite book | title=আমাৰ মাধৱদেৱ | publisher=বনলতা | author=পাৰ্থপ্ৰতীম শৰ্মা| year=২০০৮ | pages=২১}}</ref><ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref> মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
==মণি-কাঞ্চণ সংযোগ==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে