মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
19 নং শাৰী:
==পূৰ্বপুৰুষ আৰু জন্ম==
[[File:মাধৱদেৱৰ জন্মস্থান ভৱনৰ আলোকচিত্ৰ২.jpg|thumb|মাধৱদেৱৰ জন্মস্থান ]]
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।
 
ধবলা নৈৰ পাৰত থকা '''বাণ্ডুকা''' নামে ঠাইত মহোদৰ ভূঞা নামেৰে এজন কায়স্থ আছিল। তেওঁক গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামেৰে জনা গৈছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰিছিল। তেওঁৰ প্ৰথমা পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই তেওঁৰ পত্নী অনুচিতাৰ মৃত্যুৰ পাছত মনত বৈৰাগ্য ভাৱৰ উদ্ৰেক হোৱাত ৰজাঘৰীয়া বিষয়-বাব এৰি আহি বৰদোৱাত থাকিবলৈ লয়। তাতে শংকৰদেৱক লগ পোৱাত টেম্পাৰাণি বান্ধতে ঘৰ-বাৰী সাজি বসতি কৰিবলৈ ল'লে। ইয়াতে তেখেতে শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰায়।
 
বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোতেথাকোঁতে বাটতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগতে লৈ আহিল। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল 'ঘাগৰবালি' নামে ঠাইত। সেয়েহে তেখেতে 'ঘাগৰী মাজী' নামেৰেও প্রখ্যাতপ্ৰখ্যাত আছিল। নাৱতে ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখিত্বত পৰিণত হ'ল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
 
পিছত তেওঁলোকে উজীৰৰ ঘৰৰ কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰশিঙা উজীৰৰ এই ঘৰতে ১৪১১ শকৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়।<ref name="মাধৱদেৱ">{{cite book | title=আমাৰ মাধৱদেৱ | publisher=বনলতা | author=পাৰ্থপ্ৰতীম শৰ্মা| year=২০০৮ | pages=২১}}</ref><ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref> মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
==মণি-কাঞ্চণ সংযোগ==
শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। তেওঁ আৰু ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ'ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ '''"যথা তৰুৰ মূল -------"''' শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী [[লক্ষ্মীনাথ বেজবৰুৱা]]দেৱে '''"মণি-কাঞ্চণ সংযোগ"''' বুলি অভিহিত কৰি গৈছে।<ref>{{cite web|url=http://www.srimanta.net/contents_l3.php?q=3&ID=1&ID3=41&link_caption=Madhavadeva |title=Welcome to The Site |publisher=Srimanta.net |date= |accessdate=2013-03-16}}</ref>।
 
==সাহিত্য ৰচনা==
62 নং শাৰী:
*ৰাস ঝুমুৰা
==স্মৰ্তব্য==
বৰ্তমানলৈকে পোৱা মাধৱদেৱৰ নামত প্ৰচলিত ঝুমুৰা ভূষণ হৰণ, ৰাস ঝুমুৰা, কোটোৰা খেলা, ব্রহ্মামোহনব্ৰহ্মামোহন আদি তেখেতৰ স্বৰচিত হয়নে নহয় তাক সঠিককৈ জনা নাযায়। চৰিত পুথিত উল্লেখিতউল্লিখিত দুখনমান নাট, যেনে— ৰাম যাত্রাযাত্ৰা, নৃসিংহ যাত্রাযাত্ৰা, গোবৰ্দ্ধন যাত্ৰা আদি মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি জনা যায় যদিও পাবলৈ নাই। তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি 'কীর্তনকীৰ্তন ঘোষা আৰু ৰামায়ণ। '<ref name="মাধৱদেৱ">{{cite book | title=আমাৰ মাধৱদেৱ | publisher=বনলতা | author=পাৰ্থপ্ৰতীম শৰ্মা| year=২০০৮ | pages=২১}}</ref>
 
==তিৰোভাৱ==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে