ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
[[চিত্ৰ:Females of northern Afghanistan.jpg|thumb|ভাষাৰে মানুহে মনৰ ভাৱ প্ৰকাশ কৰে]]
নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে '''ভাষা''' ({{Lang-en|Language}}) বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
 
'ভাষা' শব্দটি [[সংস্কৃত]]ৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে।<ref>উপেন্দ্ৰ নাথ গোস্বামী : ভাষাবিজ্ঞান, পৃ: ৫</ref> 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'<ref name="upendra">{{cite book|title=ভাষা-বিজ্ঞান|author=ড॰ উপেন্দ্ৰনাথ গোস্বামী|authorlink=উপেন্দ্ৰনাথ গোস্বামী|year=২০১৫|pages=১৩, ১৫}}</ref><ref name="upk">{{cite book|title=ভাষাবিজ্ঞান উপক্ৰমণিকা|author=ড॰ অপৰ্ণা কোঁৱৰ |year=২০১৫|pages=৩, ৭, ১১}}</ref> আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech'<ref>Randolph Quirk : The Use of English E/BS 1962, P. 12</ref> অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।<ref name="upk"/> মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।
 
==ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান ==
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে