ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
33 নং শাৰী:
মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডি=পানী, মা=বৃহৎ, ছা-সন্তান' অৰ্থাৎ ডাঙৰ নৈৰ সন্তান।<ref>উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি, ধৰ্মেশ্বৰ দুৱৰা, পৃ:নং; ১, প্ৰকাশক: সঞ্চালক, সাংস্কৃতিক সঞ্চালকালয়, অসম, ১৯৮৮</ref> আদিতে ডিমাছাসকল ধনশ্ৰী নৈৰ পাৰত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়।<ref>ভাষাতত্ত্ব, দীপ্তি ফুকন পাটগিৰি, পৃ:নং; ৯২,বনলতা, ২০০২</ref>
==ডিমাছা ভাষাৰ বৈশিষ্ট্য==
ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷ (১) জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷ (২) জনজাতিসমূহেৰজনজাতিসমূহৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷ (৩) ভাষাসমূহ সুৰপ্ৰধান৷ (৪) স্বৰবৰ্ণৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷ (৫) এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছমানেকিছুমানে দেৱনাগৰী লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷ <ref>ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২</ref>
 
[[শ্ৰেণী:ভাষা]]