ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{পোখালি}}
{{Infobox language
|name = ডিমাছা ভাষা
Line 30 ⟶ 29:
}}
 
'''ডিমাছা ভাষা‌''' ভাৰতৰ({{lang-en|Dimasa Language}}) [[ভাৰত]]ৰ [[অসম]] বিভিন্ন ঠাইত যেনে, নগাওঁ[[নগাঁও]], [[কাৰ্বি আংলং]], [[ডিমা হাচাও]] আৰু [[নাগালেণ্ড]] ৰাজ্যৰ [[ডিমাছা]] জনগোষ্ঠী সকলৰ
মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ [[উত্তৰ কাছাৰ]]) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডি= : পানী, মা= : বৃহৎ, ছা- : সন্তান' অৰ্থাৎ ডাঙৰ নৈৰ সন্তান।<ref>উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি, ধৰ্মেশ্বৰ দুৱৰা, পৃ:নং; ১, প্ৰকাশক: সঞ্চালক, সাংস্কৃতিক সঞ্চালকালয়, অসম, ১৯৮৮</ref> আদিতে ডিমাছাসকল দিখৌ আৰু ধনশিৰি নৈৰ মাজত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়। <ref>ভাষাতত্ত্ব, দীপ্তি ফুকন পাটগিৰি, পৃ:নং; ৯২,বনলতা, ২০০২</ref> <ref>চিফুং বাঁহীৰ সুৰ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা-সম্ভাৰ, (দ্বিতীয় খণ্ড) পৃ: নং; ৯৪৭, প্ৰকাশক: ড° সৰ্ব্বেশ্বৰ বড়া, ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, ২০০৮</ref>
==ডিমাছা ভাষাৰ বৈশিষ্ট্য==
ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷ (১)</br>
* জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷ (২)
* জনজাতিসমূহৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷ (৩)
* ভাষাসমূহ সুৰপ্ৰধান৷ (৪)
* স্বৰবৰ্ণৰ[[স্বৰবৰ্ণ]]ৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷ (৫)
* এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছুমানে [[দেৱনাগৰী]] লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷ <ref>ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২</ref>
==ডিমাছা ভাষাৰ গৌৰৱ==
ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে [[উজনি অসমতঅসম]]ত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ [[কছাৰী]] জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দসম্ভাৰশব্দ-সম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷ <ref>ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, নিৰূপমা হাগজেৰ, পৃ:নং; ৬৩, ২০০৯ চন</ref>
==ডিমাছা ভাষাৰ অভিধান==
কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত ''Outline Grammar And Dictionary'' নামেৰে এখনি [[অভিধান]] লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে ''“হৈড়ম্ব ভাষা প্ৰৱেশ’’'' নামৰ [[বাংলা]] ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই ''“ ডিমাছা ভাষাৰ ভঁৰাল’’'' নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন<ref>ডিমাছা গ্ৰাউৰেণ, নিৰূপমা হাগজেৰ, পাতনি, ২০০৫</ref> অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷
==অসমীয়া আৰু ডিমাছা ভাষা==
অসমীয়া ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা ভাষা৷ একেই ভৌগলিক ভূখণ্ডত থকা কাৰণে ডিমাছা ভাষাৰো বহু শব্দ সম্ভাৰ অসমীয়া ভাষাত সোমাইছে আৰু বহু অসমীয়া শব্দও ডিমাছা ভাষাৰ মাজত নিগাজী হৈ পৰিছে৷ ডিমাছা ভাষাৰ লিপি সম্পৰ্কে এতিয়াও মতদ্বৈধতা আঁতৰা নাই৷ কোনোৱে বাংলা লিপি, কোনোৱে অসমীয়া লিপি, কোনোৱে দেৱনাগৰী আৰু আন কিছুমানে ৰোমান লিপি গ্ৰহণ কৰাৰ সপক্ষে থকা বাবে স্থিৰ সিদ্ধান্তত এতিয়াও আহিব পৰা নাই৷ অৱশ্যে নিৰূপমা হাগজেৰে ডিমাছা ভাষাৰ লিপি আদিতে অসমীয়াই আছিল বুলি বিভিন্ন তথ্য দাঙি ধৰিছে৷ মাইবঙত কছাৰী ৰজা মেঘনাৰায়ণৰ ৰাজত্বৰ কালৰ প্ৰস্তৰ লিপিত থকা “ৰ’’ আখৰ অসমীয়া “ৰ’’ৰ সৈতে একেই৷ মহাৰাজ কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণে লিখা পুথিতো “ৰ’’ ব্যৱহাৰ কৰিছিল৷ <ref>ডিমাছা সকলৰ অতীত আৰু বৰ্তমান, নিৰূপমা হাগজেৰ, ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, পৃ:নং; ৪৫, ২০০৯ চন</ref> সাহিত্যিক নিৰূপমা হাগজেৰে শেষলৈ অসমীয়া লিপিকে তেওঁ লিখাৰ মাধ্যম কৰি লৈ কেইবাখনো কিতাপ লিখে৷ ডিমাছা ভাষাত অসমীয়া বৰ্ণৰ উচ্চাৰণো প্ৰায় একেই৷ মাত্ৰ শ, ষ, আৰু স ধ্বনি চ আৰু ভ ধ্বনি ব উচ্চাৰণ কৰা হয়৷ যেনে, সিংহ>চিং, সুখ>চুখ, ভাদ>বাদাও, ভাটৌ> বাথৌ আদি৷<ref>অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা আৰু অসমীয়াৰ সাৰ্বজনীন ৰূপ, ড° উপেন ৰাভা হাকাচাম, দকচিৰি, যোৰহাট জিলা সাহিত্য সভাৰ স্মাৰক গ্ৰন্থ, ২০০৯ </ref>
 
==তথ্য সূত্ৰ==
{{reflist|30em}}
 
[[শ্ৰেণী:ভাষা]]