ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
43 নং শাৰী:
কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত ''Outline Grammar And Dictionary'' নামেৰে এখনি [[অভিধান]] লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে ''“হৈড়ম্ব ভাষা প্ৰৱেশ’’'' নামৰ [[বাংলা]] ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই ''“ ডিমাছা ভাষাৰ ভঁৰাল’’'' নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন<ref>ডিমাছা গ্ৰাউৰেণ, নিৰূপমা হাগজেৰ, পাতনি, ২০০৫</ref> অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷
==অসমীয়া আৰু ডিমাছা ভাষা==
অসমীয়া ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা ভাষা৷ একেই ভৌগলিক ভূখণ্ডত থকা কাৰণে ডিমাছা ভাষাৰো বহু শব্দ সম্ভাৰ অসমীয়া ভাষাত সোমাইছে আৰু বহু অসমীয়া শব্দও ডিমাছা ভাষাৰ মাজত নিগাজী হৈ পৰিছে৷ ডিমাছা ভাষাৰ লিপি সম্পৰ্কে এতিয়াও মতদ্বৈধতা আঁতৰা নাই৷ কোনোৱে বাংলা লিপি, কোনোৱে অসমীয়া লিপি, কোনোৱে দেৱনাগৰী আৰু আন কিছুমানে ৰোমান লিপি গ্ৰহণ কৰাৰ সপক্ষে থকা বাবে স্থিৰ সিদ্ধান্তত এতিয়াও আহিব পৰা নাই৷ অৱশ্যে নিৰূপমা হাগজেৰে ডিমাছা ভাষাৰ লিপি আদিতে অসমীয়াই আছিল বুলি বিভিন্ন তথ্য দাঙি ধৰিছে৷ মাইবঙত[[মাইবং|মাইবঙ]]ত কছাৰী ৰজা মেঘনাৰায়ণৰ ৰাজত্বৰ কালৰ প্ৰস্তৰ লিপিত থকা “ৰ’’ আখৰ অসমীয়া “ৰ’’ৰ সৈতে একেই৷ মহাৰাজ কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণে লিখা পুথিতো “ৰ’’ ব্যৱহাৰ কৰিছিল৷ <ref>ডিমাছা সকলৰ অতীত আৰু বৰ্তমান, নিৰূপমা হাগজেৰ, ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, পৃ:নং; ৪৫, ২০০৯ চন</ref> সাহিত্যিক [[নিৰূপমা হাগজেৰ|নিৰূপমা হাগজেৰে]] শেষলৈ অসমীয়া লিপিকে তেওঁ লিখাৰ মাধ্যম কৰি লৈ কেইবাখনো কিতাপ লিখে৷ ডিমাছা ভাষাত অসমীয়া বৰ্ণৰ উচ্চাৰণো প্ৰায় একেই৷ মাত্ৰ শ, ষ, আৰু স ধ্বনি চ আৰু ভ ধ্বনি ব উচ্চাৰণ কৰা হয়৷ যেনে, সিংহ>চিং, সুখ>চুখ, ভাদ>বাদাও, ভাটৌ> বাথৌ আদি৷<ref>অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা আৰু অসমীয়াৰ সাৰ্বজনীন ৰূপ, ড° উপেন ৰাভা হাকাচাম, দকচিৰি, যোৰহাট জিলা সাহিত্য সভাৰ স্মাৰক গ্ৰন্থ, ২০০৯ </ref>
 
==তথ্য সূত্ৰ==