আত্মজীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
 
===স্মৃতিগ্ৰন্থ===
স্মৃতিগ্ৰন্থ এখন আত্মজীৱনীৰ পৰা চৰিত্ৰত অলপ বেলেগ। আত্মজীৱনীত সাধাৰণতে লেখকৰ "জীৱন আৰু সময়"ৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও স্মৃতিগ্ৰন্থ এখনত লেখকৰ স্মৃতি, অনুভৱ আৰু আৱেগৰ ওপৰত অধিক সংকীৰ্ণচমু, অধিক অন্তৰংগ মনোনিৱেশ কৰা হয়। ৰাজনীতিবিদ বা সামৰিক নেতাসকলে তেওঁলোকৰ ৰাজহুৱা কাৰ্যকলাপৰ বিৱৰণ লিপিবদ্ধ কৰি প্ৰকাশ কৰাৰ উপায় হিচাপে প্ৰায়ে স্মৃতিগ্ৰন্থ লিখি আহিছে। এটা প্ৰাৰম্ভিক উদাহৰণ হ’ল জুলিয়াছ চিজাৰৰ ''কমেণ্টেৰী ডি বেলো গেলিকো'', যাক ''কমেণ্টেৰীজ অন দ্য গেলিক ৱাৰছ'' বুলিও কোৱা হয়। গ্ৰন্থখনত ছিজাৰে গেলিক যুদ্ধত স্থানীয় সেনাৰ সৈতে যুঁজি কটোৱা ন বছৰত সংঘটিত হোৱা যুদ্ধৰ বিষয়ে বৰ্ণনা কৰিছে। তেওঁৰ দ্বিতীয়খন স্মৃতিগ্ৰন্থ ''Commentarii de Bello Civili'' (বা ''Commentaries on the Civil War'') হৈছে খ্ৰীষ্টপূৰ্ব ৪৯ৰ পৰা ৪৮ চনৰ ভিতৰত গ্নিয়াছ পম্পেইয়াছ আৰু চেনেটৰ বিৰুদ্ধে গৃহযুদ্ধত সংঘটিত হোৱা পৰিঘটনাৰ বিৱৰণ। <ref>https://psychology.fandom.com/wiki/Autobiograpy</ref>
 
===কাল্পনিক আত্মজীৱনী===
"কাল্পনিক আত্মজীৱনী" শব্দটোৱে কোনো কাল্পনিক চৰিত্ৰৰ বিষয়ে লিখা উপন্যাসক বুজায় যেন চৰিত্ৰটোৱে নিজৰ আত্মজীৱনী লিখিছে, অৰ্থাৎ চৰিত্ৰটো প্ৰথম ব্যক্তিৰ কথক আৰু উপন্যাসখনে চৰিত্ৰটোৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা অভিজ্ঞতাকে সম্বোধন কৰিছে। ডেনিয়েল ডিফ’ৰ মল ফ্লেণ্ডাৰছ ইয়াৰ আৰম্ভণিৰ উদাহৰণ। চাৰ্লছ ডিকেন্সৰ ডেভিদ কপাৰফিল্ড এনে আন এটা ক্লাছিক, আৰু জে ডি চেলিংগাৰৰ দ্য কেচাৰ ইন দ্য ৰাই কাল্পনিক আত্মজীৱনীৰ এক সুপৰিচিত আধুনিক উদাহৰণ। মূল সংস্কৰণৰ প্ৰথম পৃষ্ঠাত উল্লেখ কৰা অনুসৰি চাৰ্লট ব্ৰণ্টেৰ জেন আয়াৰ কাল্পনিক আত্মজীৱনীৰ আন এক উদাহৰণ। প্ৰকৃত চৰিত্ৰৰ আত্মজীৱনী বুলি কোৱা কল্পকাহিনীৰ ৰচনাসমূহৰ ক্ষেত্ৰতো এই শব্দটো প্ৰযোজ্য হ'ব পাৰে, যেনে, ৰবাৰ্ট নাইৰ মেম'ইৰছ অৱ লৰ্ড বাইৰন।<ref>https://bookrevise.com/what-is-the-autobiographical-pact/</ref>
"https://as.wikipedia.org/wiki/আত্মজীৱনী"ৰ পৰা অনা হৈছে