জীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
==ইতিহাস==
প্ৰথমতে জীৱনীমূলক লেখাবোৰক কেৱল ইতিহাসৰ এটা উপখণ্ড হিচাপেহে গণ্য কৰা হৈছিল য’ত ঐতিহাসিক গুৰুত্বপূৰ্ণ কোনো বিশেষ ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সাধাৰণ ইতিহাস লেখাৰ পৰা পৃথক হিচাপে স্বতন্ত্ৰ জীৱনী ধাৰাটোৱে ১৮ শতিকাত আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ২০ শতিকাৰ প্ৰান্তিকত সমসাময়িক ৰূপত উপনীত হয়। {{sfn|Kendall}}
===ঐতিহাসিক জীৱনী===
 
আটাইতকৈ পুৰণি জীৱনীকাৰসকলৰ ভিতৰত এজন আছিল কৰ্ণেলিয়াছ নেপছ, যিয়ে খ্ৰীষ্টপূৰ্ব ৪৪ চনত তেওঁৰ গ্ৰন্থ Excellentium Imperatorum Vitae ("অসাধাৰণ সেনাপতিসকলৰ জীৱন") প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনত বিখ্যাত গ্ৰীকসকলক বিখ্যাত ৰোমানসকলৰ সৈতে যোৰ কৰা হৈছে, উদাহৰণস্বৰূপে বক্তা ডেমষ্টেনিছ আৰু চিচেৰো, বা জেনেৰেল আলেকজেণ্ডাৰ দ্য গ্ৰেট আৰু জুলিয়াছ চিজাৰ; গ্ৰন্থখনৰ পৰা প্ৰায় পঞ্চাশটা জীৱনী এতিয়াও আছে। আন এটা সুপৰিচিত প্ৰাচীন জীৱনী সংকলন হৈছে সম্ৰাট হড্ৰিয়ানৰ সময়ত প্ৰায় ১২১ খ্ৰীষ্টাব্দত লিখা ছুৱেটনিয়াছৰ ডে ভিটা চিজাৰাম ("চিজাৰসকলৰ জীৱনৰ ওপৰত")।
[[শ্ৰেণী:সাহিত্য]]
"https://as.wikipedia.org/wiki/জীৱনী"ৰ পৰা অনা হৈছে