ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
85 নং শাৰী:
বর্তমান জ'নাই ঃ
পুৰণি জ’নাইৰ তুলনাত বৰ্তমানৰ জ’নাই ঠাইখন যথেষ্ট পৰিৱৰ্তন হৈছে। ৰে'ল গাড়ীৰ আগমনৰ পিছত দ্ৰুতগতিত জ’নাইৰ পৰিৱৰ্তন হ'ল। পুৰণি পি ডব্লিউ ডিৰ আলিটো চিলাপথাৰলৈ সংযোগ ঘটোৱাৰ পিছত আৰু বহুত পৰিৱৰ্তন হৈছে। প্ৰাকৃতিক দুর্যোগত ভোগা বিভিন্ন ঠাইৰ মানুহৰ প্ৰব্ৰজন হৈছে। তাৰ ফলত জনসংখ্যাও যথেষ্ট বৃদ্ধি হ'ল। এই প্ৰব্ৰজন কৰা লোকসকলে জ’নাইৰ যি তিনিটা সংৰক্ষিত বনাঞ্চল আছিল তাৰে দুখন বনাঞ্চল কৰি ধ্বংস কৰি জনবসতি স্থাপন কৰিলে । এখন মাত্র বনাঞ্চল ‘পবা’ বনাঞ্চলখন বাচি থাকিল । জামজিং আৰু গালী বনাঞ্চল দুখন ধ্বংস হ'ল। পবা বনাঞ্চলখনো ধ্বংস কৰি আনিছে। ‘ছেভ পবা ৰেইন ফৰেষ্ট' নামৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে পবা বনাঞ্চলটোক ৰক্ষা কৰিবৰ বাবে ‘পবা ৰেইন ফৰেষ্ট' নামাকৰণেৰে বাৰম্বাৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে তালৈ কাণসাৰ দিয়া নাই। জ’নাইৰ বিভিন্ন অৰাজনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানেও বহু দিনৰ আগৰ পৰাই একেই দাবী কৰি আহিছে। পবা বনাঞ্চলখনৰ মাটিকালিও প্রায়েই সংকুচিত হৈ আহিছে। চিয়াং নদীয়ে দক্ষিণ দিশৰ পৰা আৰু পুৰণি চিলে নদীয়ে উত্তৰ ফালৰ পৰা গৰা খহাই বনাঞ্চলখনৰ মাটিকালি সংকুটিত কৰি আহিছে। গৰা খহনীয়া ৰোধৰ বাবে সৰু-সুৰা প্ৰকল্প চৰকাৰে লৈছে যদিও তেনেবোৰ গৰা খহনীয়া ৰোধ কৰিব পৰা নাই। বৃহৎ প্রকল্প গ্ৰহণ কৰি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে এসময়ত গোটেই জ’নাইখনেই ধ্বংসপ্রাপ্ত হোৱাৰ আশংকা আছে।
জ’নাইখনক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছত চৰকাৰী কাৰ্য্যালবোৰো আহিল যদিও এতিয়াও কেইবাখনো চৰকাৰী বিভাগৰ কাৰ্য্যালয় আহিবলগীয়া আছে। বিভিন্ন বিভাগৰ কাৰ্যালয় বহিল যদিও কেইবাটাও কাৰ্যালয়ৰ বিভাগীয় পূৰ্ণাঙ্গ চৰকাৰী বিষয়া • নিযুক্তি নিদিয়াত ভাৰপ্ৰাপ্ত বিষয়াৰে কাৰ্যালয়সমূহ চলি। আছে, যাৰ ফলত জনসাধাৰণৰ বহুতো অসুবিধা হৈছে। আগতকৈ পথ যোগাযোগৰ ব্যৱস্থা কিছু উন্নত হৈছে । যদিও এতিয়াও ভিতৰুৱা বহু গাঁৱলৈ যোগাযোগৰ ব্যৱস্থা সুচল হোৱা নাই। শিক্ষা ব্যৱস্থাৰ বহু উন্নতি হৈছে। বহুতো প্ৰাথমিক, মাধ্যমিক আৰু কলেজ স্থাপন হৈছে। যাৰ বাবে স্থানীয় ছাত্র-ছাত্রীসকলে শিক্ষা লাভ কৰিব পাৰিছে। নিম্ন পৰ্যায়ৰ শিক্ষাৰ বাবে এতিয়াও ছাত্ৰ-ছাত্ৰীয়ে জ’নাইৰ বাহিৰলৈ যাবলগীয়া হৈ আছে। খাদ্য শস্যৰ উৎপাদন ক্ৰমান্বয়ে টুটি অহা পৰিলক্ষিত হৈছে। মাটিৰ উৰ্বৰতাও কমি অহা যেন অনুমান হৈছে। চিয়াং নদী, চিলে, দিখাৰী, দেপী, চিমেন, ডেকা পাম
* [http://dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
 
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে