ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
81 নং শাৰী:
==বাহ্যিক সংযোগ==
ধেমাজিৰ মহকুমা সদৰ জোনাইঃ-
 
তাহানিৰ উত্তৰ-পূব সীমান্ত অঞ্চল (নেফা), তাৰ পিছত মুৰ্কংচেলেক হস্তান্তৰিত এলেকা, অৱশেষত জ’নাই আৰু সৰ্বশেষত জ'নাই মহকুমা। পূর্বতে শদিয়াত পলিটিকেল অফিচাৰ (PO) আৰু পাছিঘাটত এচিষ্টেন্ট পলিটিকেল অফিচাৰ (APO) এ শাসন চত্তালিছিল। এলেকা আছিল শদিয়াৰ পৰা চমকং গাঁৱলৈ। বিধান সভাৰ সমষ্টি আছিল ছৈখোৱা। কালক্ৰমত লখিমপুৰ জিলাৰ ডিব্ৰুগড় মহকুমাৰ অন্তৰ্গত হোৱাৰ পিছত লখিমপুৰ জিলা ধেমাজি মহকুমাৰ অন্তৰ্ভূক্ত হয়। সময়ত ধেমাজি জিলাৰ অন্তৰ্গত জানাই চক্র আৰু সৰ্বশেষত জ'নাই মহকুমা। এয়াই হৈছে বৰ্তমান জ'নাই মহকুমাৰ থুলমূল বিৱৰণ। তাহানি আঙুলিৰ মূৰত গণিব পৰা কেইখনমানহে গাঁও আছিল। জনসংখ্যাও তেনেই তাকৰ আছিল। গাঁওবোৰত মিচিং মানুহৰ সংখ্যাই সৰহ আছিল। অনা-মিচিং মানুহৰ সংখ্যা খুব কম আছিল। লক্ষী নেপালী বক্তি নামেৰে মাত্র এখন নেপালী গাঁও আছিল। সেইখন গাঁও বৰ্তমানলৈও আছে। পুৰণা মুৰ্কংচেলেক বজাৰ, জনাই বজাব, লাইমেকুৰী আদিত অনা-মিচিংসকল আছিল। অনা-মিচিং বোলোতে নেপালী, বিহাৰী চাহ বনুৱাৰ লোক, ডিব্ৰুগড়ৰ পৰা আহি দোকান দিয়া দুজনমান মাৰোৱাৰী, দুজনমান বেংগলী,চাৰিজনমান তেতিয়াৰ পুত্র পাকিস্তানৰ মুছলমান মানুহ আছিল। বিহাৰৰ দুজনমান মুছলমান আছিল। হিচাপে বৃটিছসকলে চাহ বাগানীয়া মানুহবোৰক মুৰ্কংচেলেক বজাৰত থকা আচাম মিলৰ বনুৱা আনিছিল। ১৯৫০ চনৰ ১৫ আগষ্টত মিলটো নিয়চিহ্ন হোৱাত বৰুৱাসকলৰ প্ৰায়েই গুচি যায়। তাবে জ'নাইত কেইঘৰমান আৰু লাইমেকুৰীত কেইঘৰমান চাই বাগানীয়া মানুহ থাকি যায়। চাকৰি কৰি মাটি-বাৰী লৈ ইয়াতেই বাস কৰা চাৰিঘৰ অসমীয়া মানুহহে আছিল। এজন এংলো ইণ্ডিয়ান আৰু এজন বৃটিছ চাহাবৰ পৰিয়াল আছিল। মুঠতে অনামিচিংসকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল।
সেই সময়ত মানুহৰ প্ৰধান জীবিকা আছিল যেতি। মিচিং, নেপালী আৰু চাহ বাগানীয়াসকলে খেতি কৰিছিল। খেতি বোলেতে আহু ধান, সবিহয়, মাহ আদিয়েই আছিল প্ৰধানকৈ কৰা খেতি। আলু, সৰিয়হ মাহ খেতিৰ ফচল বৰগোলা আৰু ছোটগোলা নামৰ দুখন দোকানত দিছিল আৰু বিহুৰ বতৰত সিহঁতৰ পৰা টকা উলিয়াই কাপোৰ-কানি কিনিছিল। সেই দোকানী দুটাই বলটোত লগা অন্যান্য সামগ্ৰীৰো ধাৰকৈ যোগান ধৰিছিল আৰু আলু, সৰিয়হ আৰু মাহ খেতিৰ ফচলবোৰ গোটাই লৈ দাম-দৰ কৰি বছৰটোৰ হিচাপ কৰিছিল। হিচাপত টকা পাবলগীয়া হ'লে টকা দিছিল । মণ্ডলৰ টকাৰে ধাৰ গুজিব নোৱাৰিলে পিছৰ বছৰলৈ হিচাপ লিখি ৰাখিছিল। কিছুমানে পাবলগীয়া টকাখিনিক মহাজনৰ হাততেই ৰাখিছিল আৰু আৱশ্যক হ'লেহে মহাজনৰ পৰা টকা উলিয়াইছিল । সকলো হিচাপ-পত্ৰ মহাজনেই ৰাখিছিল। খেতি কৰাৰ উপৰিও তেতিয়া গাঁওবোৰৰ কিছুমানে গছ কাটি কুত্তা নাই ভূৰ বান্ধি চিড়ে নগৰ বেচিছিল আৰু তেনেকৈ উপৰুৱা টকা ঘটছিল। পোহনীয়া জীব-জন্তু বেচিও অতিৰিক্ত কিছু ধন আৰ্জিছিল। এয়া হ'ল বৰ্তমান জনাই অঞ্চলৰ পুৰণি দিনৰ থূলমূল বিৱৰণ। সাধু সদৃশ কথা ।
বর্তমান জ'নাই ঃ
পুৰণি জ’নাইৰ তুলনাত বৰ্তমানৰ জ’নাই ঠাইখন যথেষ্ট পৰিৱৰ্তন হৈছে। ৰে'ল গাড়ীৰ আগমনৰ পিছত দ্ৰুতগতিত জ’নাইৰ পৰিৱৰ্তন হ'ল। পুৰণি পি ডব্লিউ ডিৰ আলিটো চিলাপথাৰলৈ সংযোগ ঘটোৱাৰ পিছত আৰু বহুত পৰিৱৰ্তন হৈছে। প্ৰাকৃতিক দুর্যোগত ভোগা বিভিন্ন ঠাইৰ মানুহৰ প্ৰব্ৰজন হৈছে। তাৰ ফলত জনসংখ্যাও যথেষ্ট বৃদ্ধি হ'ল। এই প্ৰব্ৰজন কৰা লোকসকলে জ’নাইৰ যি তিনিটা সংৰক্ষিত বনাঞ্চল আছিল তাৰে দুখন বনাঞ্চল কৰি ধ্বংস কৰি জনবসতি স্থাপন কৰিলে । এখন মাত্র বনাঞ্চল ‘পবা’ বনাঞ্চলখন বাচি থাকিল । জামজিং আৰু গালী বনাঞ্চল দুখন ধ্বংস হ'ল। পবা বনাঞ্চলখনো ধ্বংস কৰি আনিছে। ‘ছেভ পবা ৰেইন ফৰেষ্ট' নামৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে পবা বনাঞ্চলটোক ৰক্ষা কৰিবৰ বাবে ‘পবা ৰেইন ফৰেষ্ট' নামাকৰণেৰে বাৰম্বাৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে তালৈ কাণসাৰ দিয়া নাই। জ’নাইৰ বিভিন্ন অৰাজনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানেও বহু দিনৰ আগৰ পৰাই একেই দাবী কৰি আহিছে। পবা বনাঞ্চলখনৰ মাটিকালিও প্রায়েই সংকুচিত হৈ আহিছে। চিয়াং নদীয়ে দক্ষিণ দিশৰ পৰা আৰু পুৰণি চিলে নদীয়ে উত্তৰ ফালৰ পৰা গৰা খহাই বনাঞ্চলখনৰ মাটিকালি সংকুটিত কৰি আহিছে। গৰা খহনীয়া ৰোধৰ বাবে সৰু-সুৰা প্ৰকল্প চৰকাৰে লৈছে যদিও তেনেবোৰ গৰা খহনীয়া ৰোধ কৰিব পৰা নাই। বৃহৎ প্রকল্প গ্ৰহণ কৰি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে এসময়ত গোটেই জ’নাইখনেই ধ্বংসপ্রাপ্ত হোৱাৰ আশংকা আছে।
জ’নাইখনক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছত চৰকাৰী কাৰ্য্যালবোৰো আহিল যদিও এতিয়াও কেইবাখনো চৰকাৰী বিভাগৰ কাৰ্য্যালয় আহিবলগীয়া আছে। বিভিন্ন বিভাগৰ কাৰ্যালয় বহিল যদিও কেইবাটাও কাৰ্যালয়ৰ বিভাগীয় পূৰ্ণাঙ্গ চৰকাৰী বিষয়া • নিযুক্তি নিদিয়াত ভাৰপ্ৰাপ্ত বিষয়াৰে কাৰ্যালয়সমূহ চলি। আছে, যাৰ ফলত জনসাধাৰণৰ বহুতো অসুবিধা হৈছে। আগতকৈ পথ যোগাযোগৰ ব্যৱস্থা কিছু উন্নত হৈছে । যদিও এতিয়াও ভিতৰুৱা বহু গাঁৱলৈ যোগাযোগৰ ব্যৱস্থা সুচল হোৱা নাই। শিক্ষা ব্যৱস্থাৰ বহু উন্নতি হৈছে। বহুতো প্ৰাথমিক, মাধ্যমিক আৰু কলেজ স্থাপন হৈছে। যাৰ বাবে স্থানীয় ছাত্র-ছাত্রীসকলে শিক্ষা লাভ কৰিব পাৰিছে। নিম্ন পৰ্যায়ৰ শিক্ষাৰ বাবে এতিয়াও ছাত্ৰ-ছাত্ৰীয়ে জ’নাইৰ বাহিৰলৈ যাবলগীয়া হৈ আছে। খাদ্য শস্যৰ উৎপাদন ক্ৰমান্বয়ে টুটি অহা পৰিলক্ষিত হৈছে। মাটিৰ উৰ্বৰতাও কমি অহা যেন অনুমান হৈছে। চিয়াং নদী, চিলে, দিখাৰী, দেপী, চিমেন, ডেকা পাম আদি নৈ-উপনৈসমূহৰ দাঁতিকাষৰীয়া আৰু নৈপৰীয়া গাঁওবোৰ বাৰিষা হ'লেই বানাপনীত জুৰুলা হৈছে। জ'নাই মহকুমাত বিভিন্ন সম্প্ৰদায়ৰ লোক
 
* [http://dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
আছে। মিচিং, বড়ো, দেউৰী, আদী, আহোম, সোনোৱাল কছাৰী, কোচ ৰাজবংশী, গাৰো, ৰাভা, চাহ বাগানীয়া, লালুং, হিন্দীভাষী লোক, চাওতাল আদিবাসী, নেপালী, বেংগলী, মটক, মৰাণ, মাৰোৱাৰী আদি সম্প্ৰদায়ৰ লোক কম-বেছি পৰিমাণে জ’নাই মহকুমাত বাস কৰে। ধৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে দঞি পঃল, হিন্দু, ইছলাম, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। জ’নাই বজাৰ আৰু চিমেন চাপৰি বজাৰ এই দুটা মধ্যমীয়া বজাৰৰ বাদেও প্রায় ঠাইতেই সাপ্তাহিক বজাৰ বহে।-এয়াই হ'ল বৰ্তমান জ’নাইৰ এটি থূলমূল বিৱৰণ ।
 
প্ৰতাপ চন্দ্ৰ পাৱ
অঃ প্ৰাঃ অধ্যক্ষ,
জনাই উঃ মাঃ বিদ্যালয়,
লেখনি সন্নিৱিষ্ট কৰা হৈছে ৷
* [http:htt//dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
 
[[শ্ৰেণী:ধেমাজি জিলা]]
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে