নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
তথ্য যোগ (edited with ProveIt)
46 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত [[দীপালী বৰঠাকুৰ]] নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকীচেয়াৰ'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref>
 
==গ্ৰন্থপঞ্জী==
52 নং শাৰী:
* বসুন্ধৰা-১
* বসুন্ধৰা-২
==স্বীকৃতি==
২০১২ চনত, নবকান্ত বৰুৱা ফাউণ্ডেচনে নীলপৱন বৰুৱাৰ প্ৰায় ৮৭ খন চিত্ৰৰে ৰাজ্যিক আৰ্ট গেলেৰীত 'নীলপৱন বৰুৱা- চিত্ৰৰ প্ৰদৰ্শনী' শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। <ref name="দ্য ছেণ্টিনেল">{{cite web | url=https://www.sentinelassam.com/north-east-india-news/assam-news/assams-renowned-artist-neel-pawan-baruah-tests-covid-positive-541519 | title=Assam's Renowned Artist Neel Pawan Baruah Tests COVID Positive | publisher=দ্য ছেণ্টিনেল | date=৫ জুন, ২০২১ | accessdate=২৮ অক্টোবৰ, ২০২২}}</ref>
 
২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে আগ্ৰহী কলাৰসিকৰ বাবে ‘মডাৰ্ণ আৰ্ট অৱ নীলপৱন’ নামে এটি সংগ্ৰহালয়ত নীলপৱন বৰুৱাৰ প্ৰায় ৫৬খন বিভিন্ন মাধ্যমত অঁকা পেইন্টিং প্ৰদৰ্শনৰ বাবে ৰাখিছে। বৰুৱাই চাৰমিনাৰ বাকচত অঁকা অসংখ্য পেকেটেৰে হাতীৰ আকৃতিৰ এক অপূৰ্ব শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে। বিশ্ববিদ্যালয়ৰ ''ডিপাৰ্টমেন্ট অৱ কালচাৰেল ষ্টাডিজ''ৰ অন্তৰ্গত এই কেন্দ্ৰটোৰ বাহিৰৰ বেৰত শিল্পীগৰাকীৰ কেইবাখনো পেইন্টিং ফ্লেক্সপ্ৰিন্টিং মাধ্যমত ছপা কৰি আঁৰি ৰখা হৈছে। কেন্দ্ৰটোৰ ভিতৰভাগত প্ৰদৰ্শিত হৈছে শিল্পীগৰাকীৰ বিষয়ে কলাসমালোচক [[মৌচুমী কন্দলী|মৌচুমী কন্দলীয়ে]] লিখা এটা প্ৰয়োজনীয় লেখা— “এ ৰোমাণ্টিক ইন ছাৰ্চ অৱ এ ছিগনিফিকেণ্ট ফৰ্ম”, লগতে শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে কেতবোৰ তথ্য।
 
২০২১ চনত অসম চৰকাৰে তেওঁক 'অসম সৌৰভ বঁটা' প্ৰদান কৰিছিল।
==মৃত্যু==
২০২১ চনৰ ৫ জুন তাৰিখে বৰুৱাৰ দেহত কভিড' ৰোগ ধৰা পৰে। ক'ভিডৰ পিছত হোৱা স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি , ২০২২ চনৰ ২৮ অক্টোবৰ, শুকুৰবাৰৰ বিয়লি ৩-১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীলপৱন বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।<ref>{{cite web | url=https://assam.news18.com/news/assam/renowned-artist-neelpaban-baruah-no-more-dies-at-gmch-gb-261361.html | title=বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই, জিএমচিএইচত শেষনিশ্বাস ত্যাগ | publisher=https://assam.news18.com/ | date=২৮ অক্টোবৰ, ২০২২ | accessdate=২৮ অক্টোবৰ, ২০২২}}</ref> মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। অসম চৰকাৰে ৰাজ্যিক মৰ্য্যদাৰে বৰুৱাৰ শেষ কৃত্য সম্পন্ন কৰে।
==তথ্য উৎস==
{{reflist}}