বল্লভভাই পেটেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
32 নং শাৰী:
 
==শিক্ষা জীৱন==
চৰ্দাৰ বল্লভভাই পেটেলক সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত তেওঁৰ মাক-দেউতাকে নাম ভৰ্তি কৰি দিছিল। প্ৰাইমাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক পেঠলাদ থকা এখন কনিষ্ঠ বিদ্যালয়ত তেওঁৰ মাক- দেউতাকে নাম ভৰ্তি কৰি দিছিল। ইয়াতে তেওঁ ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে [[নাদিয়াদ]]লৈ যায়। নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পেটেলে কলেজত পঢ়াৰ ধাউতি কৰিছিল। কিন্তু ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰিবলগীয়া হয়। কিছুদিন তেওঁ '''মুক্তিয়াৰী''' কৰাৰ পিছত আৰ্থিক অৱস্থা সচ্ছল হোৱাত, তেওঁ [[ইংলেণ্ড]]লৈ গৈ '''বেৰিষ্টাৰী''' পঢ়াৰ ইচ্চা কৰিলে।<ref>{{cite book| last = Gandhi| first = Rajmohan| title = Patel: A Life| pages = 13}}</ref> সেয়ে তেওঁ ইংলেণ্ডৰ '''মিডল টেম্পল''' কলেজত বেৰিষ্টাৰী পঢ়িবলৈ লয়। এই কলেজত তেওঁ [[ৰোমান]] আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই পৰীক্ষাৰ শেষ পৰীক্ষাটো দিয়ে তেওঁ ১৯১২ চনৰ জুনত আৰু ফলাফলত তেওঁ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয় আৰু এই কৃতিত্বৰ বাবে তেওঁ ৫০ পাউণ্ডৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বেৰিষ্টাৰী পাছ কৰাৰ পিছত, তেওঁ [[ভাৰত]]লৈ উভতি আহে।<ref name="চৰ্দাৰ বল্লভভাই পেটেল"/>
 
==কৰ্মজীৱন==