লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎লাচিতৰ শিক্ষা গ্ৰহণ: ব্যাকৰণৰ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
78 নং শাৰী:
 
== লাচিতৰ শিক্ষা গ্ৰহণ ==
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণকৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল বিখ্যাত লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
 
লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে চাওফা [[চুপুংমুং]]ৰ ফুকনলুং হৈছিল।