হেমকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
হেমকোষ অভিধান প্ৰস্তুত কালত প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই নানা অসুবিধাৰ সম্মুখীন হ’বলগীয়াত পৰিছিল৷ হেমচন্দ্ৰ বৰুৱাই শ্ৰীৰামপুৰীয়া কাগজৰ দুই-তিনিখন বহীত গোটেই অভিধানখন লিখিছিল৷ আজিকালিৰ ফুলস্কেপ কাগজতকৈ শ্ৰীৰামপুৰীয়া কাগজৰ আকাৰ ডাঙৰ আছিল৷ য’ত বৰুৱা শুইছিল, সেই কোঠাৰ মেজতে বহীকেইখন ৰাখিছিল আৰু যেতিয়াই মনত পৰিছিল, তেতিয়াই তেওঁ, আনকি ৰাতি শোৱাৰ পৰা উঠিও তেওঁ শব্দ মনত পৰিলে লিখি ৰাখিছিল৷ অফিচত কাম কৰি থাকোঁতেও তেওঁ কোনো শব্দৰ কথা মনলৈ আহিলে টুকি থৈ ঘৰলৈ আহি পোনতে তাক বহীত সন্নিৱিষ্ট কৰিছিল৷ এনে কৰোঁতে বহুত কটাকুটা হৈছিল আৰু ওপৰাওপৰিকৈয়ো লিখা হৈছিল৷ লিখা প্ৰায় শেষ হৈছিল যদিও সেই সময়ত অসমত অভিধান ছপাব পৰা ছপাশাল নাছিল আৰু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতালৈ যাবও পৰা নাছিল৷ হেমকোষ প্ৰকাশৰ আগতেই ১৮৯৬ চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷<ref name="হেমকোষ">{{cite journal | title=হেমকোষ প্ৰকাশৰ কিছু কথা | author=বৰুৱা, অমৰ | journal=অসমীয়া খবৰ | year=২০২২ | month=১০ ডিচেম্বৰ | pages=৪}}</ref>
==প্ৰকাশ পৰ্ব==
হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত ছাব-ডেপুটী কালেক্টৰ মিষ্টাৰ গেইটে হেমচন্দ্ৰ বৰুৱাই অভিধান লিখি থৈ যোৱা বুলি গম পাই কামৰূপ জিলাৰ ডেপুটী কমিচনাৰলৈ চিঠি লিখি অভিধানখন চৰকাৰী উদ্যোগত ছপাবলৈ অনুৰোধ কৰে৷ সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলেও ধন সংগ্ৰহ কৰি অভিধানখন ছপাবলৈ মন কৰিছিল যদিও বহু ধনৰ প্ৰয়োজন হোৱাৰ অনুমান কৰি হেমকোষখন চৰকাৰকে ছপাবলৈ দিয়া হয়৷ কিন্তু দুখৰ কথা যে, ছপা কাম আৰম্ভ হওঁতেই শ্বিলঙত হোৱা ১৮৯৭ চনৰ ডাঙৰ ভূঁইকঁপত শ্ৱিলঙৰ প্ৰায়বোৰ অফিচ ঘৰৰ লগতে চৰকাৰী ছপাশালো ভাঙি যায় আৰু হেমকোষৰ পাণ্ডুলিপিখনো মাটিৰ তলত পোত যায়৷ ইয়াৰ ফলত অভিধানখনৰ বহু পাত ছিঙি যায়৷ পিছত বহু কষ্ট কৰি হেমচন্দ্ৰ গোস্বামীয়ে পুথিখন উদ্ধাৰ কৰি প্ৰকাশৰ উপযোগী কৰি তোলে৷ কিন্তু এইসময়তে গেইট চাহাব অসম এৰি যায় আৰু ইমানতে হেমকোষ ছপা কৰাৰ কথা তল পৰি যায়৷ ভূঁইকঁপৰ বৃহৎ ক্ষতিৰ পিছত চৰকাৰেও সতকাই অভিধান ছপোৱাৰ কামত মনোনিৱেশ নকৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ১৯০০ চনত কলিকতাৰ বেপ্তিষ্ট মিছন প্ৰেছত কৰ্ণেল গৰ্ডনে চৰকাৰৰ হৈ হেমকোষখন ছপা কৰি উলিয়ায়৷<ref name="হেমকোষ"/>
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/হেমকোষ"ৰ পৰা অনা হৈছে