ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
[[কামৰূপ জিলা|কামৰূপ জিলাৰ]] বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভা বৰুৱাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত [[গুৱাহাটী|গুৱাহাটীৰ]] লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত ১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তান জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, [[নিপ বৰুৱা]] [[দ্বিবন বৰুৱা]], গিৰীণ বৰুৱা, [[ৰমেন বৰুৱা]], নিৰেণ বৰুৱা আৰু [[দ্বিপেন বৰুৱা]]। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস, ৰম্ভাৱতী বৰুৱা, প্ৰতিভা দাস আৰু বিভা নবীস। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল<ref name="Nibharni">{{cite journal | title=ঐতিহ্যমণ্ডিত সেই ঘৰখন | author=নিভা ৰাণী ৰায় | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref><ref name="Ishan">{{cite journal | title=লতাশিলৰ বৰুৱা পৰিয়াল | author=ঈশান বৰুৱা | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>।
 
অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এই বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল। সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰহে আসৰ। ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল। সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে। নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়। এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে। পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা" শীৰ্ষত [[লোকগীত|লোকগীতটো]] [[মুকুতা]] ছবিখনত অন্তৰ্ভুক্ত কৰে।<ref name="Nibharni" />
 
==শিক্ষা আৰু কৰ্মজীৱন==