ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
==শিক্ষা আৰু কৰ্মজীৱন==
{{quote box
|quote =ঐক্যতান বাদন বা অৰ্কেষ্ট্ৰা লক্ষ্মীৰামলক্ষীৰাম বৰুৱায়ো ৰচনা আৰু পৰিচালনা কৰিছিল বুলি উল্লেখ পাইছো। ...জ্যোতিপ্ৰসাদ আগৰৱালাই হেনো [[তেজপুৰ|তেজপুৰৰ]] [[বাণ ৰঙ্গমঞ্চ|বান ষ্টেজত]] নাট অভিনয় উপলক্ষে কিছুমান মনোৰম অৰ্কেষ্ট্ৰা সৃষ্টি কৰিছিল। ... মই জনাত অসমত সৰ্বপ্ৰথম একোটা বিষয়-বস্তু আশ্ৰিত (thematic) ঐক্যন বাদন বা অৰ্কেষ্ট্ৰাৰ ৰচনা আৰু প্ৰচলন কৰে ব্ৰজেন বৰুৱাই। ব্ৰজেন বৰুৱাই তেওঁৰ অৰ্কেষ্ট্ৰাবোৰত প্ৰায়ে পশ্চিমীয়া 'হাৰ্মনি'ৰ প্ৰয়োগ কৰিছিল। মই নিজে তেওঁ ৰচনা আৰু পৰিচালনা কৰা এনে ধৰণৰ তিনিটা অৰ্কেষ্ট্ৰা শুনিছিলো। তাৰে দুটাৰ নাম আছিল 'যুদ্ধ আৰু শান্তি' (War and Peace বুলি ইংৰাজী নাম দিছিল) আৰু 'এটা শিশুৰ জন্ম'।
|source = —[[তফজ্জুল আলী]]<ref name="Tafajjul">{{cite journal | title=সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা | author=তফজ্জুল আলী | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>
|width = 40%
50 নং শাৰী:
'ডক্তৰ বেজবৰুৱা'ৰ যোগেদি অসমৰ দুগৰাকী সংগীত প্ৰতিভাৰ উন্মেষ ঘটিছিল। তাৰে এগৰাকী হ'ল সংগীত পৰিচালক [[ৰমেন বৰুৱা]] আৰু আনগৰাকী হ'ল অসমীয়া ছবিৰ সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক [[দ্বীপেন বৰুৱা]]। দুয়োগৰাকী তেখেতৰ ভাতৃ। দ্বীপেন বৰুৱাৰ আৱিষ্কাৰ হৈছিল নাটকীয়া ভাবে। দ্বীপেন আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। তেওঁ [[কোচবিহাৰ ট্ৰফি]], [[ৰঞ্জি ট্ৰফি]] খেলিছে। ইফালে ব্ৰজেন বৰুৱা 'ডক্তৰ বেজবৰুৱা'ৰ গীত গাবৰ বাবে এগৰাকী নতুন গায়কৰ সন্ধানত। এদিন দ্বীপেনে গা ধুই থাকোঁতে গীত গোৱা শুনিলে ব্ৰজেন বৰুৱাই। লগেলগে তেখেতে সিদ্ধান্ত ললে ভায়েকৰ হতুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ গীত গোৱাব<ref name="Ishan"/><ref name="Nibharni" />।
 
বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি [[ওপজা সোণৰ মাটি]]। কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখন পাচত সম্পাদনা কৰে নীপ বৰুৱাই [[লখিমপুৰ জিলা|লক্ষ্মীমপুৰতলক্ষীমপুৰত]] ওপজা সোণৰ মাটিৰ শ্বুটিং শেষ কৰি তেওঁ নলীন দুৱৰা পৰিচালিত মমতা ছবিৰ এটি গীতৰ দৃশ্যত অংশগ্ৰহণ কৰে, শ্বুটিং শেষ হোৱাৰ নিশাই তেও অসুস্থ হয় আৰু চিকিৎসালয়ত ভৰ্তি হয় আৰু তাতে তেখেতৰ মৃত্যু হয়। তেখেতে পৰিচালনা কৰা মুকুতা আৰু ওপজা সোণৰ মাটিখনো ব্যৱসায়িক ভাবে সফল ছবি। তেখেতে পৰিচালনা আৰু সঙ্গীত পৰিচালনাৰ উপৰিও ছবি প্ৰযোজনা, অভিনয়, গীত ৰচনা, কণ্ঠদান আৰু কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। তেখেতে পৰিচালনা কৰা আটাইকেইখন ছবিত তেখেতে নিজে অভিনয় কৰিছিল।<ref name="Ishan"/><ref name="Nibharni" /><ref name="Nayan"/>
 
ব্ৰজেন বৰুৱাৰ চলচ্চিত্ৰ সম্পৰ্কীয় কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল, কিন্তু তেখেতে ব্যৱসায়িক সফল ছবি নিৰ্মাণৰ কৌশলসমূহ সহজে আয়ত্ত কৰিছিল। দৰ্শকৰ ৰুচিৰ উমান পায়ে তেখেতে অসমীয়া ছবিত হিন্দী গীতৰ প্ৰয়োগ কৰিছিল। যদিও তেখেতে ব্যৱসায়িক কৌশলসমূহ আয়ত্তৰ কৰাৰ বাবে মাজে মাজে হিন্দী ছবিৰ অনুসৰণ কৰিছিল, তথাপি তেখেতৰ ছবিসমূহ আছিল অসমৰ মাটিৰ সুবাসেৰে সুবাসিত। বৰুৱাই এবাৰ আলোকচিত্ৰ শিল্পী [[অমূল্য মান্না|অমূল্য মান্নাৰ]] আগত প্ৰকাশ কৰিছিল যে দৰ্শকে তেখেতৰ অভিনয়ত নতুনত্ব বিচাৰি পাওক বুলিয়ে 'ডক্তৰ বেজবৰুৱা'ত তেখেতে দুটা চিগাৰেট একেলগে জ্বলাই হুপিছিল।<ref name="Amulya">{{cite journal | title=নায়িকাৰ সন্ধানত | author=অমূল্য মান্না | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>