কথা কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
Biswajit Boruah (আলোচনা)-ই কৰা 347490 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে: বলডেয়াৰৰ কথাহে মুখ্য উৎসত (সমল গ্ৰন্থ) কোৱা হৈছে। টুৰ্গেনিভৰ বাবে উপযুক্ত উৎসৰে সৈতে এক সুকীয়া বাক্য যোগ কৰিব পৰা যায়।
4 নং শাৰী:
[[বাণীকান্ত কাকতি|ড॰ বাণীকান্ত কাকতিৰ]] মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোঁন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোঁন। ' <!--(যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি‍)। --> বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ' বুলি কোৱা কথাৰ লগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কথা কবিতাক ''নোহোৱা নোপজা কবিতা'' বুলি কোৱাৰ লগতে ''বালিৰ নিজৰা'' বুলিও কৈছিল।
 
যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক আইভান টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কিছুমান কথা-কবিতা ইংৰাজীলৈ অনূদিত হৈছে। সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে। ফৰাচী কবি আইভানবডলেয়াৰৰ টুৰ্গেনিভৰ(Baudelair,১৯২১-৬৭) Petit 'Poemspoems in Prose'on fore কথা কবিতাৰ আন এক সুন্দৰ নিদৰ্শন।<ref>ড॰ প্ৰফুল্ল কটকী সম্পাদিত '''সাহিত্য আৰু সংজ্ঞা''' গ্ৰন্থৰ পৰা উদ্ধৃত</ref>
 
==অসমীয়া ভাষাত কথা কবিতা==
"https://as.wikipedia.org/wiki/কথা_কবিতা"ৰ পৰা অনা হৈছে