অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
অসমীয়া লোক সংস্কৃতিৰ পৰিচায়ক স্বৰূপ ‘বিহু’ৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল ম’হৰ শিঙৰ পেঁপা। প্ৰাচীন সংগীত বিষয়ক গ্ৰন্থত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউ সকলৰ শাসনকালত ৰাজ্যৰ শুভমুহূৰ্তত ‘ৰংশিঙা’ আৰু অশুভ সময়ত ‘খং শিঙা’ বজাই প্ৰজাক জাননী দিয়াৰ কথা জনা যায়। মহৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নামতো মুলতে চীন- তিব্বতীয় শব্দ। তিব্বতত ব্যৱহাৰ হোৱা পেঁপা জাতীয় বাদ্যতো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী।
 
বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নাযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্মপ্ৰকাশ কৰে। পৰম্পৰাগতভাৱে ম'হ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়। ইয়াৰ বিভিন্ন অংশ সমূহৰ নাম হ'ল - খোলা, চুপহি, গৰপনলা, বুলনি , জিভা আদি।
 
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিংসকলে ইয়াক ‘পেম্পা’, ডিমাছাসকলে ‘সুৰি’,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়।<ref>{{cite web|url=http://www.anvesha.co.in/assamese/pepa_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>