পৰিৱেশ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

{{Unreferenced}} {{cleanup}}
Removing illegal hasanta
2 নং শাৰী:
{{cleanup}}
 
চুইদেন ৰাষ্ট্ৰৰ বাল্টিক সাগৰৰ পাৰৰ ষ্টকহ'মত ১৯৭২ চনৰ জুন মাহত মানৱ পৰিবেশ সংক্ৰান্তীয় আন্ত্ৰৰাষ্ট্ৰীয় সভাত বিশ্বৰ ১১৩খন ৰাষ্ট্ৰ একগোট হৈছিল আৰু তাতেই প্ৰথম ছুইদেনে মানৱ পৰিবেশত ব্যাঘাত জনোৱা বিভিন্ন সমস্যাৰ অৱতাৰনা কৰিছিল। তাতেই চুইদেন ৰাষ্ট্ৰৰ ৯০০০০টা সৰু সৰু হ্ৰদৰ প্ৰায় ২০০০০টা হ্ৰদত এচিদ বৰষুণ হৈ তাত জীৱ জন্তু মৰি যোৱাৰ কথা উল্লেখ কৰিছিল। সেই সভাৰ পিছতে বিশ্বৰ দেশ সমুহত পৰিবেশ সংৰক্ষনৰ বাবে বিচাৰ বিশ্লেষণ আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই জনসাধাৰনৰ মাজত পৰিবেশ সংক্ৰান্তীয় সজাগতা বৃদ্ধিৰ বাবে সেই জুন মাহৰ ৫ তাৰিখ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই সভাৰ পিছৰে পৰাই বিভিন্ন দেশৰ নিবন্ধকাৰ, সাংবাদিক, বুদ্ধিজীবিৰ দ্বাৰা বাতৰি কাকত, বাৰ্তালোচনী আদিত পৰিবেশ সংক্ৰান্তীয় নিবন্ধ,খবৰ আদিৰ পয়োভৰ ঘটিবলৈ ধৰে। তাৰ পিছতে ভাৰতত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত প্ৰথম পৰিবেশ সংক্ৰান্তীয় পানীৰ বিশুদ্ধতা ৰক্ষা কৰাৰ বিষয়ত ১৯৭৪ ত আইন প্ৰণয়ন কৰে। তথাপিও আজি পৰ্য্যন্ত প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশবিদ সকলক বাদ দি বহুতো লোকৰ বাবে ই এক কমগুৰুত্বৰ বিষয় হৈয়ে আছে যেন লাগে। সুখৰ কথা যে প্ৰায় ১০ বছৰমান আগৰ পৰা আমাৰ স্কুলীয়া পাঠ্যপুথিত পৰিবেশ এক বিষয় হিচাবে অন্তৰ্ভূক্তি হৈছে আৰু লগে লগে নৱপ্ৰজন্মই উঠি অহা চামে এই দি্শতদিশত চিন্তা চৰ্চা কৰিবলৈ খোৰাক বিচাৰি পাইছে ।
 
প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশবিদ সকলৰ অনুৰোধ আৰু হেচাত আমাৰ স্কুলীয়া পাঠ্যপুথিত পৰিবেশ এক বিষয় হিচাবে অৰ্ন্তভূক্তি হলেও আজিও পৰিবেশ সংক্ৰান্তীয় বহু কথা আলোচনাৰ আওতাৰ পৰা বাদ পৰিয়েই থাকে। কেতিয়াবা লক্ষ্য কৰা যায় যে পৰিবেশ সৰ্ম্পকে আমাৰ ধাৰনা থাকিলেও আমি বৰ্ত্তমানৰ দিনবোৰত দেখা দিয়া সমস্যাবোৰৰ কথা গুৰুত্ব সহকাৰে চিন্তা নকৰো। আমি সকলোৱে এটা কথা লক্ষ্য কৰিছো যে যোৱা দুবছৰমান শীতৰ দিনবোৰৰ সংখ্যা কমি আহিছে আৰু বিপৰিতে গৰমৰ দিনবোৰৰ সংখ্যা বাঢ়ি আহিছে । তাৰ অৰ্থ জলবায়ুৰ পৰিৱবৰ্ত্তন হৈছে আৰু পৃথিবীৰ তাপমাত্ৰা বাঢ়িছে। এয়া ভগৱানৰ কায্যকলাপ নেকি আৰু এই বিষয়ত আমাৰ একো কৰিবলগা নাই নেকি । এয়া ভগৱানৰ কায্যকলাপ নহয় - এয়া আমাৰ সুসভ্য বুলি ভবা মানুহ জাতিৰে লাহ বিলাহৰ বাবে, বা অভাৱত পৰি প্ৰকৃতিৰ প্ৰকৃত অৱস্থা ধংস কৰি অহাৰে কুফল। আজিৰ পৰা যদি পাঁচশমান বছৰ আগৰ কথা ভাবো তেতিয়া আমাৰ মনলৈ চবি আহিব যে সেইসময়ত জনসংখ্যা বহুত কম আছিলে আৰু ভুমি ভাগৰ বেছি ভাগেই বন্য অবস্থাত আছিল আৰু গছ গছনিৰে ভৰপুৰ আছিল। আবাস ক্ষেত্ৰ অনুসৰি জীব জন্তু আৰু চৰাই চিৰিকতিয়ে এক নান্দনিক পৰিবেশ বিৰাজ কৰিছিল। তেতিয়া নদ নলাবোৰ দ আছিল -খাল, পুখুৰী কুৱা আদিত এটাই কেইটা কালতে পানী থাকিছিল। গছত ফল ফুল ,খেতি পথাৰত সুন্দৰ খেতি আছিল , পোক পতংগই খেতি পথাৰ নষ্ট কৰা নাছিল,গৰমৰ দিনত গৰম আৰু ঠাণ্ডাৰ দিনবোৰ ঠা্ণ্ডাই আছিল । বেমাৰ আজাৰ কম আছিল, এতিয়াৰ দৰে হোৱা বেমাৰ আজাৰ তেতিয়া নাছিল। “ডেকা মানুহৰ কিহৰ বেমাৰ” সেই কথাষাৰ সেইসময়ৰ। সেইসময়ত পৃথিবীৰ নিচেই ওচৰত পৃথিবীক আবৰি থকা বায়ুমণ্ডলৰ গেচীয় আৱৰন বা স্তৰটোৱে পৃথিবীৰ জলবায়ু সুস্থ ৰাখিবলৈ সক্ষম আছিল ।