মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

image added
No edit summary
29 নং শাৰী:
 
'''মদন কামদেৱ দেৱালয়''' হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। মদন কামদেৱক অসমৰ [[খাজুৰাহো]] আখ্যা দিয়া হৈছে। নিৰিবিলি পৰিবেশ আৰু হৃদয় জুৰ পেলোৱা নৈসৰ্গিক শোভাৰ বাবে বনভোজপ্ৰেমীসকলকো মদন কামদেৱে আকৰ্ষণ কৰে। ডিচেম্বৰ আৰু জানুৱাৰী মাহত বনভোজৰ খোৱা মানুহেৰে অঞ্চলটো ভৰি পৰে।
==স্থাপত্য আৰু ভাস্কৰ্য==
==ইতিহাস==
 
{{-}}
{{Hindu Temples in Assam}}
বহু শতিকা হাবি-জঙ্ঘলৰ মাজত লুকাই থকাৰ পাছত কুৰি শতিকাত মদন কামদেৱ দেৱালয়ৰ পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাতে পূজা-উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। পুৰাতত্ব বিভাগে চলোৱা অনুসন্ধানত বিশটাতকৈয়ো অধিক গাঁঠনি আৱিষ্কৃত হয়। মন্দিৰৰ বেৰত অসংখ্য মৈথুলৰত নৰ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্যও দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অৱশ্যে মদন কামদেৱ নিৰ্মাণ কৰা সময়ত অসমত পোৰা ইটাৰ ব্যৱহাৰ হোৱা নাছিল।