মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
35 নং শাৰী:
দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই এখন শিৱৰহে উপাসনাস্থলী। কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ'ল। কিন্তু এই মত সিমান বিশ্বাসযোগ্য নহয়। সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা কামুক ভঙ্গীৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল।
==ইতিহাস==
নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল বংশৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰত, অৰ্থাত্ বৰ্তমানৰ গুৱাহাটীত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা পুষ্পভদ্ৰা তাম্ৰলিপিত তেওঁৰ ৰাজধানী কামৰূপ নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন উত্তৰ গুৱাহাটীত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাষ্টা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ নগৰী বুলি থাৱৰ কৰিছে। মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাথো দহ কিলোমিটাৰ। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল, সেই সম্পৰ্কে ইতিহাস নিৰৱ।
 
==উপাসনা==
মদন কামদেৱত শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত শৈৱ ধৰ্মৰ সুতিটো নিৰৱিচ্ছিন্ন ভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়। প্ৰথমটো শিৱৰ একক ৰূপ আৰু দ্বিতীয়টো শিৱ-পাৰ্ৱতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ-পাৰ্ৱতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। এই দুটা ৰূপ পৃথক সত্বা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্বা। কালিকা পুৰাণৰ মতে নৰকে কামাখ্যাত দেৱীপূজা প্ৰৱৰ্তন কৰাৰ আগেয়ে কামৰূপৰ অধিবাসীসকলৰ উপাস্য দেৱতা আছিল শিৱ। নৰকৰ দিনত শক্তিবাদে বিশেষভাৱে গা কৰি উঠে যদিও দেশৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ কমি যোৱা নাছিল। কামৰূপত ৰাজত্ব কৰা পৰৱৰ্তী বৰ্মণ, শালস্তম্ভ, পাল আদি ৰাজবংশ শৈৱপন্থী আছিল। ইতিমধ্যে আৱিষ্কৃত হোৱা বিভিন্ন তাম্ৰলিপিৰ পৰা জনা গৈছে যে শালস্তম্ভ আৰু পাল বংশ শিৱৰ যুগ্ম ৰূপৰ উপাসক আছিল। বনমান বৰ্মণ (৮৩৫- ৬০ খৃঃ), ইন্দ্ৰপাল আদি ৰজা তাম্ৰলিপিত তেওঁলোকৰ ইষ্ট দেৱতা 'কামেশ্বৰ-মহাগৌৰী' বুলি উল্লেখ কৰিছে। পাল বংশীয় ৰজাসকল শৈৱপন্থী আছিল যদিও তেওঁলোকে শক্তিবাদৰো যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লাহে লাহে অসমত শক্তিবাদৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে আৰু শৈৱ-শক্তিৰ যুগ্ম উপাসনা ক্ৰমশঃ নাইকীয়া হৈ আহিল। সম্ভৱতঃ এই উপাসনা পদ্ধতিৰ অসমৰ বহু প্ৰাচীন মন্দিৰ, যেনে কামাখ্যা, হয়গ্ৰীৱ আদিয়ে পৰৱৰ্তী কালত কোঁচ, আহোম আদি শাসকৰ পৃষ্ঠপোষকতা পোৱাৰ নিচিনাকৈ মদন কামদেৱে কোনো পৃষ্ঠপোষকতা নাপালে আৰু এদিন হাবি-বননিয়ে সমগ্ৰ অঞ্চল ঢাকি ধৰিলে।