মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
 
==উপাসনা==
মদন কামদেৱত শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত শৈৱ ধৰ্মৰ সুতিটো নিৰৱিচ্ছিন্ন ভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়। প্ৰথমটো শিৱৰ একক ৰূপ আৰু দ্বিতীয়টো শিৱ-পাৰ্ৱতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ-পাৰ্ৱতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। এই দুটা ৰূপ পৃথক সত্বা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্বা। [[কালিকা পুৰাণ]]ৰ মতে [[নৰকাসুৰ ৰজা|নৰকে]] কামাখ্যাত দেৱীপূজা প্ৰৱৰ্তন কৰাৰ আগেয়ে কামৰূপৰ অধিবাসীসকলৰ উপাস্য দেৱতা আছিল শিৱ। নৰকৰ দিনত শক্তিবাদে বিশেষভাৱে গা কৰি উঠে যদিও দেশৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ কমি যোৱা নাছিল। কামৰূপত ৰাজত্ব কৰা পৰৱৰ্তী [[বৰ্মন বংশ|বৰ্মন]],[[ শালস্তম্ভ]], [[পাল বংশ|পাল]] আদি ৰাজবংশ শৈৱপন্থী আছিল। ইতিমধ্যে আৱিষ্কৃত হোৱা বিভিন্ন তাম্ৰলিপিৰ পৰা জনা গৈছে যে শালস্তম্ভ আৰু পাল বংশ শিৱৰ যুগ্ম ৰূপৰ উপাসক আছিল। বনমান বৰ্মণ (৮৩৫- ৬০ খৃঃ), ইন্দ্ৰপাল আদি ৰজা তাম্ৰলিপিত তেওঁলোকৰ ইষ্ট দেৱতা 'কামেশ্বৰ-মহাগৌৰী' বুলি উল্লেখ কৰিছে। পাল বংশীয় ৰজাসকল শৈৱপন্থী আছিল যদিও তেওঁলোকে [[শক্তিবাদ]]ৰো যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লাহে লাহে অসমত শক্তিবাদৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে আৰু শৈৱ-শক্তিৰ যুগ্ম উপাসনা ক্ৰমশঃ নাইকীয়া হৈ আহিল। সম্ভৱতঃ এই উপাসনা পদ্ধতিৰ অসমৰ বহু প্ৰাচীন মন্দিৰ, যেনে [[কামাখ্যা]],[[ হয়গ্ৰীৱ]] আদিয়ে পৰৱৰ্তী কালত [[কোঁচ]], [[আহোম]] আদি শাসকৰ পৃষ্ঠপোষকতা পোৱাৰ নিচিনাকৈ মদন কামদেৱে কোনো পৃষ্ঠপোষকতা নাপালে আৰু এদিন হাবি-বননিয়ে সমগ্ৰ অঞ্চল ঢাকি ধৰিলে।
 
==তথ্যসূত্ৰ==