তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
==উত্‍পত্তিৰ ইতিহাস==
উত্‍পত্তিৰ কাহিনী ওদালবাক্ৰা গাওঁৰ পৰা আৰম্ভ হয় | এই ওদালবাক্ৰা গাওঁ [[ গুৱাহাটী]]ৰ [[কাহিলীপাৰা]] অঞ্চলত অৱস্থিত | গাওঁৰ বাসিন্দাবোৰ মূলত: [[ৰাভা]]-[[কছাৰী]] জনগোষ্টীৰ | ১৯৬৪ চনত এই গাওঁখন ডাঠ হাবি আৰু ডাঙৰ ওখ শিলেৰে ভৰা আছিল | সেই সময়ত ৰেংথং ৰাভা আৰু সূৰ্য ৰাভা নামৰ দুজন লোকে এদিন চিকাৰৰ উদ্দেশ্যে সেই শিলবোৰৰ ওপৰত ( [[নৰকাসুৰ]] পাহাৰ এলেকা ) বিচৰণ কৰি আছিল | তেনে সময়তে হাবিৰ ক’ৰবাৰ পৰা বিশাল বাদুলি এটা তেওঁলোকৰ সন্মুখেৰে উৰি আহি সেই ওখ শিলবোৰৰ ফাঁকত সোমাই গ’ল | তেওঁলোকে বাদুলিটোক ধৰাৰ উদ্দেশ্যে তাক অনুসৰণ কৰি এটা অন্ধকাৰ শিলৰ গুহাৰ মাজত সোমাই গ’ল | তেতিয়া সেই গুহাৰ মাজেৰে গৈ থাকোতে তেওঁলোকে কিবা বস্তু আন্ধাৰত জিলিকি থকা দেখা পালে | তেতিয়া তেওঁলোকে সেই বস্তুটো বাহিৰলৈ আনি ধুই-পখালি চাই যে সেইটো এটা শংখ | এইদৰে তেওঁলোকে আকৌ পিছদিনাখন সেই একেটা গুহাৰ পৰা আবিস্কাৰ কৰিলে ২৩ টা মূৰ্তি | এনেদৰে আন এদিনাখন আকৌ ১০ টা মূৰ্তি আৰু টিলিঙা কিছুমান ওলাল | এই মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত বিভিন্ন হিন্দু দেৱ-দেৱতাৰ মূৰ্তি আছিল | সেই মূৰ্তিবোৰকে লৈ সেই ঠাইতে এই মন্দিৰৰ স্থাপন হৈছিল | হিন্দু ধৰ্মৰ মতে হিন্দু দেৱ-দেৱীৰ মুঠ সংখ্যা হ’ল ৩৩ কোটি | সেই উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ মুঠ সংখ্যা আছিল ৩৩ টা | গতিকে এই ৩৩ টা মূৰ্তিয়ে ৩৩ কোটি ভগবানৰ অস্তিত্ব বহন কৰিছে বুলি বিশ্বাস কৰি মন্দিৰৰ নাম "শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ" হিচাপে নামাকৰণ কৰা হয় | বৰ্তমান এই মন্দিৰৰ লগতে [[চতুৰ্থ অসম আৰক্ষী বাহিনী]]ৰ চকী আছে | ইয়াৰে বেটেলিয়ান সকলেই ১৯৭৩ চনত এই মন্দিৰ স্থাপন কৰি দিছিল |
 
==উদ্ধাৰ হোৱা বস্তুসমূহ==
উদ্ধাৰিত বস্তুবোৰৰ মুঠতে ৩৩ টা মূৰ্তি আৰু কিছুমান অন্য বস্তু আছিল | ইয়াৰে বৰ্তমান কিছুমান [[অসম ৰাজ্যিক সংগ্ৰহালয়]]ত আৰু বাকীখিনি এই মন্দিৰত আছে | এইবোৰ হ’ল- চাৰিটা [[বিষ্ণু]]ৰ মূৰ্তি, দুটা সূৰ্যদেৱতাৰ মূৰ্তি, এটা [[মনসাদেৱী]]ৰ মূৰ্তি, এটা [[গণেশ]]ৰ মূৰ্তি, এটা ইন্দ্ৰদেৱতাৰ মূৰ্তি, [[শিৱ]]ৰ মূৰ্তি, বুদ্ধদেৱৰ মূৰ্তি, ৰাধাৰ মূৰ্তি, নটৰাজৰ মূৰ্তি, কিছুমান অচিনাক্ত মূৰ্তি ( টুকুৰা আকাৰত ), এটা মুখালিংগ, এটা শংখ আৰু দুটা টিলিঙা | ইয়াৰে ভিতৰত বৃহত্তম মূৰ্তিটো হৈছে ইন্দ্ৰদেৱতাৰ | এই মূৰ্তিটোৰ আকাৰ ৩২ x ১৬ ছে: মি: | এই মূৰ্তিটো গোটেই ভাৰতৰ ভিতৰতে অদ্বিতীয় পৰ্যায়ৰ | মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত |
 
==দৈনিক পূজা-অৰ্চনা==