তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
(edited with ProveIt)
30 নং শাৰী:
 
==উৎপত্তিৰ ইতিহাস==
উৎপত্তিৰ কাহিনী ওদালবাক্ৰা গাঁৱৰ পৰা আৰম্ভ হয়| এই ওদালবাক্ৰা গাঁও [[গুৱাহাটী|গুৱাহাটিৰ]] [[কাহিলীপাৰা]] অঞ্চলত অৱস্থিত| গাঁৱৰ বাসিন্দাবোৰ মূলত: [[ৰাভা]]-[[কছাৰী]] জনগোষ্ঠীৰ| ১৯৬৪ চনত এই গাঁওখন ডাঠ হাবি আৰু ডাঙৰ ওখ শিলেৰে ভৰা আছিল| সেই সময়ত ৰেংথং ৰাভা আৰু সূৰ্য ৰাভা নামৰ দুজন লোকে এদিন চিকাৰৰ উদ্দেশ্যে সেই শিলবোৰৰ ওপৰত ([[নৰকাসুৰ পাহাৰ]] এলেকা) বিচৰণ কৰি আছিল| তেনে সময়তে হাবিৰ ক’ৰবাৰ পৰা বিশাল বাদুলি এটা তেওঁলোকৰ সন্মুখেৰে উৰি আহি সেই ওখ শিলবোৰৰ ফাঁকত সোমাই গ’ল| তেওঁলোকে বাদুলিটোক ধৰাৰ উদ্দেশ্যে তাক অনুসৰণ কৰি এটা অন্ধকাৰ শিলৰ গুহাৰ মাজত সোমাই গ’ল| তেতিয়া সেই গুহাৰ মাজেৰে গৈ থাকোতে তেওঁলোকে কিবা বস্তু আন্ধাৰত জিলিকি থকা দেখা পালে| তেতিয়া তেওঁলোকে সেই বস্তুটো বাহিৰলৈ আনি ধুই-পখালি চাই যে সেইটো এটা শংখ| এইদৰে তেওঁলোকে আকৌ পিছদিনাখন সেই একেটা গুহাৰ পৰা আৱিস্কাৰ কৰিলে ২৩ টা মূৰ্তি| এনেদৰে আন এদিনাখন আকৌ ১০ টা মূৰ্তি আৰু টিলিঙা কিছুমান ওলাল এই মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত বিভিন্ন হিন্দু দেৱ-দেৱতাৰ মূৰ্তি আছিল| সেই মূৰ্তিবোৰকে লৈ সেই ঠাইতে এই মন্দিৰৰ স্থাপন হৈছিল| [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মৰ]] মতে হিন্দু দেৱ-দেৱীৰ মুঠ সংখ্যা হ’ল ৩৩ কোটি| সেই উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ মুঠ সংখ্যা আছিল ৩৩ টা| গতিকে এই ৩৩ টা মূৰ্তিয়ে ৩৩ কোটি ভগৱানৰ অস্তিত্ব বহন কৰিছে বুলি বিশ্বাস কৰি মন্দিৰৰ নাম "শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ" হিচাপে নামাকৰণ কৰা হয়| বৰ্তমান এই মন্দিৰৰ লগতে চতুৰ্থ [[অসম আৰক্ষী বাহিনী]]ৰ চকী আছে| ইয়াৰে বেটেলিয়ান সকলেই ১৯৭৩ চনত এই মন্দিৰ স্থাপন কৰি দিছিল<ref>{{cite web | url=http://www.thesundayindian.com/as/story/%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%EF%BF%BD%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%C2%A7-%E0%A6%A4%E0%A7%87%EF%BF%BD%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B6-%E0%A6%95%E0%A7%87%E0%A7%97%E0%A6%9F%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A7%8D%E0%A6%AF/13/696/ | title=দ্য চানডে ইণ্ডিয়ান | accessdate=২৫ ডিচেম্বৰ, ২০১১ | author=ৰূপৰাজ শর্মা}}</ref>|
 
==উদ্ধাৰ হোৱা বস্তুসমূহ==
36 নং শাৰী:
 
==দৈনিক পূজা-অৰ্চনা==
প্ৰথম অৱস্থাত মন্দিৰৰ পূজাৰী আছিল কমল তাঁতী| ইয়াৰ পিছত বহুতো পূজাৰী সলনি হ’ল| মন্দিৰৰ বৰ্তমানৰ পূজাৰী হ’ল ত্ৰিভূৱন পোদ্দৰ | পূজাৰীয়ে মন্দিৰত থকা দেৱ-দেৱীৰ মূৰ্তিবোৰ নিতৌ গাখীৰেৰে ধোঁৱে| পুৱাৰ ভাগত হিন্দুৰ ২৩ কোটি মূৰ্তিক ২৩ খন কাঁহীত আৰু সন্ধিয়া ১০ কোটি মূৰ্তিক ১০ খন কাঁহীত প্ৰসাদ আগবঢ়োৱা হয়| কিন্তু সোমবাৰ আৰু বৃহস্পতিবাৰেহে বিশেষকৈ পূজাৰ দিন| সেয়েহে সেই দুটা দিনত অসমৰ চাৰিওফালৰ পৰা অহা ভক্তসকলে ধূপ, চাকি, নৈবেদ্য আদি লৈ পূজা কৰিব আহি ভিৰ কৰা দেখা যায়| তথাপিও দৈনিকেই ভক্তৰ সমাগম পৰিলক্ষিত হয়| তাৰোপৰি বিভিন্ন উত্‍সৱ, পূৰ্ণিমা, অমাৱস্যা আদিত ওদালবাক্ৰা গাওঁখনৰে বাসিন্দাসকলে কাম-কাজ চলাই নিয়াত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰে আৰু আইসকলে নাম-কীৰ্তন ধৰে<ref>{{cite web | url=http://www.thesundayindian.com/as/story/%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%EF%BF%BD%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%C2%A7-%E0%A6%A4%E0%A7%87%EF%BF%BD%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B6-%E0%A6%95%E0%A7%87%E0%A7%97%E0%A6%9F%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A7%8D%E0%A6%AF/13/696/ | title=দ্য চানডে ইণ্ডিয়ান | accessdate=২৫ ডিচেম্বৰ, ২০১১ | author=ৰূপৰাজ শর্মা}}</ref>|
 
==মন্দিৰৰ পৰিচালনা আৰু বৰ্তমান পৰিস্থিতি==
ওপৰত কোৱা হৈছে যে চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে মন্দিৰটো পোন-প্ৰথমে স্থাপন কৰি দিছিল; কিন্তু তথাপিও বৰ্তমান গাওঁখনৰ ৰাইজেই ইয়াৰ সমস্ত পৰিচালনা কৰে| গাওঁখনৰ যুবসংঘ আৰু মহিলা সমিতিয়ে মন্দিৰৰ বাবে বৰ্তমান ডাঙৰকৈ গণেশৰ মূৰ্তি, শিৱৰ মূৰ্তি, হনুমানৰ মূৰ্তি আদি বহুতো মূৰ্তি তৈয়াৰ কৰি আৰু লগতে কুঁৱা, অন্যান্য বস্তু আদি বান্ধি দিছে। মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ অতি মনোমোহা | অজস্ৰ পাৰ চৰায়ে মন্দিৰৰ পৰিবেশ শান্তিময় কৰি তুলিছে<ref>{{cite web | url=http://www.thesundayindian.com/as/story/%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%EF%BF%BD%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%C2%A7-%E0%A6%A4%E0%A7%87%EF%BF%BD%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B6-%E0%A6%95%E0%A7%87%E0%A7%97%E0%A6%9F%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A7%8D%E0%A6%AF/13/696/ | title=দ্য চানডে ইণ্ডিয়ান | accessdate=২৫ ডিচেম্বৰ, ২০১১ | author=ৰূপৰাজ শর্মা}}</ref>|
 
==তথ্যসূত্ৰ==
* শ্ৰী [[যদুমণি ৰাভা]], গাওঁৰ পুৰণি বাসিন্দা |
* http://www.thesundayindian.com/as/story/%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%EF%BF%BD%E0%A6%B6%E0%A7%8D%E0%A6%B0%EF%BF%BD%C2%A7-%E0%A6%A4%E0%A7%87%EF%BF%BD%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B6-%E0%A6%95%E0%A7%87%E0%A7%97%E0%A6%9F%E0%A6%BF-%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A7%8D%E0%A6%AF/13/696/
{{reflist}}