সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
 
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰা(quantity)ৰ পৰিৱৰ্তনৰ হাৰ যেনে [[পদাৰ্থ]]ৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নিৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰলস প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"।
আন্তঃৰাষ্ট্রীয় একক পদ্ধতিত অন্তৰ্ভূক্ত সাতটা মৌলিক এককৰ এটা হৈছে সময়। অন্যান্য ভৌতিক ৰাশি, যেনে বেগৰ সংজ্ঞাৰ বাবে সময় ব্যৱহৃত হয়; সেয়ে এনেধৰণৰ ৰাশিৰ দ্বাৰা সময়ৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাই "সংজ্ঞাৰ ঘূৰ্নীয়ত্ন" জটিলতাৰহে সৃষ্টি কৰে। সময়ৰ এটা কাৰ্যকৰী সংজ্ঞা নিম্নোক্ত ধৰণে আগবঢ়োৱা হয়--কোনো চক্ৰীয় সংঘটন, যেনে মুক্ত ভাৱে দোলিত এটা দোলকৰ নিৰ্দিষ্ট সংখ্যক দোলনৰ পুনৰাবৃত্তিৰ পৰিসৰ পৰ্যবেক্ষণৰ দ্বাৰা সময়ৰ এক মানক একক; যেনে ছেকেণ্ড, নিৰ্ধাৰণ কৰিব পৰা যায়। এই মানক সময় উচ্চস্তৰীয় পৰীক্ষা-নিৰীক্ষা অথবা দৈনন্দিন পৰিক্ৰমা-এই দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য আৰু ব্যৱহাৰ্য হয়। সময়ৰ কাৰ্যকৰী সংজ্ঞা সময় নামৰ কোনো ৰাশিৰ প্ৰকৃতপক্ষে অস্তিত্ব আছেনে-সেই প্ৰশ্ন সম্পৰ্কে নিমাত। এই সংজ্ঞাই ওপৰত উল্লেখ কৰাৰ দৰে মাথোঁ বোৱতী আৰু মাপনযোগ্য সময়ৰ গণনাকহে অন্তৰ্ভূক্ত কৰে। স্থান-কাল নামৰ একক সাতত্যক(continuum)ৰ সমীক্ষণে স্থান আৰু কাল বা সময় সম্পৰ্কীয় বহুতো প্ৰশ্নৰ উদ্ৰেক ঘটায়। এই প্ৰশ্নসমূহৰ শিপা প্ৰাকৃতিক দৰ্শন অধ্য়য়নৰ আদিভাগৰ সমীক্ষণক সকলৰ চিন্তাধাৰা আৰু কৰ্মত ৰোপিত হৈ আছে।
 
 
[[File:ChipScaleClock2 HR.jpg|thumb|Chip-scale [[atomic clock]]s, such as this one unveiled in 2004, are expected to greatly improve GPS location.<ref>{{cite web |url=http://www.nist.gov/public_affairs/releases/miniclock.cfm |title=NIST Unveils Chip-Scale Atomic Clock |date=2004-08-27 |accessdate=2011-06-09}}</ref>]]
"https://as.wikipedia.org/wiki/সময়"ৰ পৰা অনা হৈছে