পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[File:The sun1.jpg|thumb|250px|[[সূৰ্য]] [[পৃথিৱী]]ৰ প্ৰধান পোহৰৰ উৎস]]
'''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' হৈছে মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশ। <ref>[[International Commission on Illumination|CIE]] (1987). [http://www.cie.co.at/publ/abst/17-4-89.html ''International Lighting Vocabulary'']. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.<br>By the ''International Lighting Vocabulary'', the definition of ''light'' is: “Any radiation capable of causing a visual sensation directly.”</ref>দৃশ্যমান পোহৰৰ [[তৰংগদৈৰ্ঘ্য]]ৰ পৰিসৰ হৈছে- প্ৰায় ৩৮০ বা ৪০০ [[নেন'মিটাৰ]]ৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ [[নেন'মিটাৰ]] আৰু [[কম্পনাংক]]ৰ পৰিসৰ হৈছে- প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। [[পদাৰ্থবিজ্ঞান]]ৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য [[অৱলোহিত]] (নিম্ন কম্পনাংক) আৰু [[অতি বেঙুনীয়া]] (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।<ref>{{Citation | title = Camera lenses: from box camera to digital | author = Gregory Hallock Smith | publisher = SPIE Press | year = 2006 | isbn = 9780819460936 | page = 4 | url = http://books.google.com/?id=6mb0C0cFCEYC&pg=PA4 }}</ref><ref>{{Citation | title = Comprehensive Physics XII | author = Narinder Kumar | publisher = Laxmi Publications | year = 2008 | isbn = 9788170085928 | page = 1416 | url = http://books.google.com/?id=IryMtwHHngIC&pg=PA1416#v=onepage&q= }}</ref>
 
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে- তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। [[বিশেষ আপেক্ষিকতাবাদ সূত্ৰ]] অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
9 নং শাৰী:
 
[[মুক্ত স্থান|শূণ্য]] ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ &nbsp;[[মিটাৰ প্ৰতি ছেকেণ্ড|মিঃ/ছেঃ]] (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰাষ্ট্রীয় একক (SI) পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিও'ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়। <ref>''[http://projecteuclid.org/DPubS/Repository/1.0/Disseminate?view=body&id=pdf_1&handle=euclid.ss/1009212817 Scientific Method, Statistical Method and the Speed of Light]''. Statistical Science 2000, Vol. 15, No. 3, 254–278</ref>দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,000,000 মিঃ/ছেঃ পোৱা গ'লহেঁতেন।
 
==টোকা==
{{Reflist|group=nb}}
 
==তথ্যসূত্ৰ==
{{Reflist|2}}
 
 
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে