নেঘেৰিটিং শিৱদৌল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

133 বাইট বিলোপ কৰা হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নতুন পৃষ্ঠা: নেঘেৰিটিং দ’লৰ বিষয়ে দেৰগাঁও নগৰৰ পৰা পূবফালে ছয় কিঃমিঃ ম...)
 
No edit summary
দেৰগাঁও নগৰৰ পৰা পূবফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত নেঘেৰিটিং শিৱদৌলতো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়।গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়।মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল।এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত [ইংৰাজী ১৭৬৫ চনত ]স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য।এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল।এই নৃত্য কৰা সকলক নটী বোলা হৈছিল।নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল,ইয়াক নেঘেৰী খোপা বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল।ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল। চেপেটা ইটাৰে সজোৱা কৰ্দৈশিৰীয়া নেঘেৰীটিং শিৱদৌল আহোম যুগৰ কাৰুকাৰ্য্যৰ এক সুন্দৰ নিৰ্দশন।দৌল সমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমানে লোপ পাইছে।ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে।প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে।মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে।বাকী কেইটাত গনেশ,বিষ্ণু,দূৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে। দেৰগাঁৱৰ শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল।তেঁওলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহন কৰিছিল।ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ ‘বৰআলি’নামৰ এটি চমু ৰাষ্টা ও আছিল।দৌলৰ প্ৰধান ঠাকুৰজনক বৰঠাকুৰ বোলা হৈছিল। বৰ্তমান দেৰগাঁৱ শিৱদৌলৰ পূজাৰী ব্ৰাহ্মনসকলৰ সৰহ ভাগেই আহোমযুগত ভাটী ফালৰ পৰা অহা।অনুমান কৰা যে প্ৰাকৃতিক দূয্যোৰ্গৰ বাবে আৰু প্ৰাচীন মন্দিৰ সমূহ ধ্বংস হৈ যোৱাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাত ব্ৰাহ্মন পূজাৰী সকল আন ঠাইলৈ গুছি যায় বা তেঁওলোকে বৃত্তি সলাইছিল। সেয়ে স্বৰ্গদেউ প্ৰতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক নতুন পূজাৰী হিচাবে আনিব লগা হৈছিল।সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।
নেঘেৰিটিং দ’লৰ বিষয়ে
 
দেৰগাঁও নগৰৰ পৰা পূবফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত নেঘেৰিটিং শিৱদৌলতো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়।গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়।মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত।
স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল।এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত [ইংৰাজী ১৭৬৫ চনত ]স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়।
দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য।এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল।এই নৃত্য কৰা সকলক নটী বোলা হৈছিল।নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল,ইয়াক নেঘেৰী খোপা বোলা হৈছিল।
চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল।ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।
চেপেটা ইটাৰে সজোৱা কৰ্দৈশিৰীয়া নেঘেৰীটিং শিৱদৌল আহোম যুগৰ কাৰুকাৰ্য্যৰ এক সুন্দৰ নিৰ্দশন।দৌল সমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমানে লোপ পাইছে।ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে।প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে।মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে।বাকী কেইটাত গনেশ,বিষ্ণু,দূৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে।
দেৰগাঁৱৰ শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল।তেঁওলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহন কৰিছিল।ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ ‘বৰআলি’নামৰ এটি চমু ৰাষ্টা ও আছিল।দৌলৰ প্ৰধান ঠাকুৰজনক বৰঠাকুৰ বোলা হৈছিল।
বৰ্তমান দেৰগাঁৱ শিৱদৌলৰ পূজাৰী ব্ৰাহ্মনসকলৰ সৰহ ভাগেই আহোমযুগত ভাটী ফালৰ পৰা অহা।অনুমান কৰা যে প্ৰাকৃতিক দূয্যোৰ্গৰ বাবে আৰু প্ৰাচীন মন্দিৰ সমূহ ধ্বংস হৈ যোৱাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাত ব্ৰাহ্মন পূজাৰী সকল আন ঠাইলৈ গুছি যায় বা তেঁওলোকে বৃত্তি সলাইছিল। সেয়ে স্বৰ্গদেউ প্ৰতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক নতুন পূজাৰী হিচাবে আনিব লগা হৈছিল।সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।
29,733

টা সম্পাদনা