নেঘেৰিটিং শিৱদৌল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
 
==ইতিহাস==
[[চিত্ৰ:নেঘেৰিটিং শিৱদৌল.jpg|thumb|left|200px]]
[[আহোম ৰাজবংশ|আহোম স্বৰ্গদেউ]] [[প্ৰতাপ সিংহ|প্ৰতাপ সিংহই]] দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে [[শিৱ|মহাদেৱৰ]] এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত (ইংৰাজী ১৭৬৫ চনত) স্বৰ্গদেউ [[ৰাজেশ্বৰ সিংহ|ৰাজেশ্বৰ সিংহই]] মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে <ref name="assamtribune">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0311/state07 | title=Thousands throng Negheriting Shivadol | accessdate=January 07, 2012}}</ref>। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল [[দেৱদাসী নৃত্য]]। এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল। এই নৃত্য কৰা সকলক "নটী" বোলা হৈছিল। নটী সকলে [[নৃত্য]] কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক "নেঘেৰী খোপা" বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ [[শিৱসিংহ|শিৱসিংহই]] ৰাজকাৰেংলৈ নি [[ফুলেশ্বৰী কুঁৱৰী]] আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।