অণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
 
এটা অণুত একেবিধ ৰাসায়ণিক উপাদান থাকিব পাৰে বা যেনে [[অক্সিজেন]] (O<sub>2</sub>), বা ভিন্ন ভিন্ন উপাদান থাকিব পাৰে যেনে পানী (H<sub>2</sub>O) । অ-[[সহযোজী বান্ধনী]] যেনে [[হাইড্ৰজেন বান্ধনী]] বা [[আয়নিক বান্ধনী]]ৰে বান্ধ সংযুক্ত [[পৰমাণু]] বা [[সংকুল]]ক সাধাৰণতে অণু বোলা নহয়।
 
পদাৰ্থ গঠনকাৰী অংশ হিচাপে স্বাভাবিকতে সকলো জৈৱিক বস্তুতে অণুৰ অৱ্স্থিতি দেখা যায়। বায়ুমণ্ডল আৰু পৃথিৱীৰ জলভাগৰো অধিকাংশ অণুৱে অধিকাৰ কৰি আছে। পৃথিৱীত থকা আমাৰ চিনাকী সৰহ অংশক গোটা বস্তু পৃথিৱীৰ উপৰিভাগ, মেন্টেল অংশ, আৰু উষ্ণ ক’ৰ অংশ (সকলোতকৈ ভিতৰ ভাগ)ত বহুতো [[ৰাসায়নিক বান্ধনি]] দেখিবলৈ পোৱা যায়, কিন্তু ইয়াৰে সকলোবোৰ চিনাক্ত কৰণ কৰিব পৰা অণুৰে গঠিত নহয়। তাৰোপৰি যদিও কোনো [[দ্বিমাত্ৰিক]] সমতলত (যেনে: [[গ্ৰাফিন]]) বা [[ত্ৰিমাত্ৰিক]] ([[হীৰা]],[[কোৱাৰ্টজ]],[[ছডিয়াম ক্লৰাইড]]) ভাবে হোৱা [[একক কোষ]]ৰ পুনৰাবৃতিৰ ফলত আয়নিক স্ফতিক (লৱণ (ৰসায়ন বিজ্ঞান) | লৱণ) আৰু সহযোজী স্ফতিক ([[জালিকৃত গোটা দ্ৰব্য]])ৰ সৃষ্টি হয় ইহঁতৰ ক্ষেত্ৰতো কিন্তু নিৰ্দিষ্ট অণুৰ বৰ্ণনা কৰিব নোৱাৰি। একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘতনা সৰহ সংখ্যক [[ধাতবীয় বান্ধনী]]যুক্ত গোটা দ্ৰব্য্ত দেখিবলৈ পোৱা যায়, যি এইটো প্ৰমাণ কৰে যে সৰহ সংখ্যক গোটা দ্ৰব্য অণুৰে গঠিত নহয়। চিচা (গ্লাচ)ত কোনো নিৰ্দিষ্ট অণুৰ অৱ্স্থিতি নথকাকৈয়ে পৰমাণু সমূহ ৰাসায়নিক বান্ধোনেৰে বান্ধ খায় থাকে, য’ত স্ফতিকৰ দৰে কোনো একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘতনা দেখা নাযায়।
 
 
[[Category:ৰসায়ন বিজ্ঞান]]
"https://as.wikipedia.org/wiki/অণু"ৰ পৰা অনা হৈছে