কৰ্কট ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} '''কর্কট ৰোগ বা কেঞ্চাৰ'''({{Lang-en|Cancer}}), চিকিত্সা বি...
 
No edit summary
1 নং শাৰী:
<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref>{{সম্পাদনা দ্বন্দ}}
{{সম্পাদনা দ্বন্দ}}
'''কর্কট ৰোগ বা কেঞ্চাৰ'''({{Lang-en|Cancer}}), চিকিত্সা বিজ্ঞানৰ মতে malignant neoplasm ৰোগৰ এটা শ্ৰেণী। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্রাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিত্সা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অর্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। কৰ্কট ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিত্সা পদ্ধতি সুকীয়া সুকীয়া।
==কৰ্কট ৰোগ মানে কি==
মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (malignant। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বা বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।
==কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref>==
#স্তনকে ধৰি শৰীৰৰ কোনো ঠাইত টেমুনা উঠা
#দেহত থকা তিলৰ (mole) আস্বাভাৱিক পৰিৱৰ্তন
#নিৰাময় নোহোৱা কাহ বা মাত ভগা
#শৌচাচাৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন- অত্যাধিক পনীয়া শৌচ হোৱা বা কোষ্ঠকাঠিন্যত ভোগা
#চোবাবলৈ কষ্ট পোৱা আৰু খোৱা বস্তু হজম নোহোৱা
#অস্বাভাৱিক ৰক্তক্ষৰণ, যেনে প্ৰস্ৰাৱত তেজ যোৱা, বমিত তেজ যোৱা, নাকেৰে তেজ ওলোৱা, যোনীৰ ৰক্তক্ষৰণ ইত্যাদি
#নিৰাময় নোহোৱা ঘাঁ (sore or ulcer)
#প্ৰস্ৰাৱত কষ্ট পোৱা
#অস্বাভাৱিক ওজন হ্ৰাস
#অসহ্য বিষ
#সকলো সময়তে ভাগৰ অনুভৱ কৰা
#ছালৰ অস্বাভাবিক পৰিৱৰ্তন
==তথ্যসূত্ৰ==
{{reflist}}
"https://as.wikipedia.org/wiki/কৰ্কট_ৰোগ"ৰ পৰা অনা হৈছে