ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

41 নং শাৰী:
:::এই পৃষ্ঠাৰ বাৰ্তা শিঘ্ৰেই উদ্ধাৰ হ'ব লাগে। [https://bugzilla.wikimedia.org/show_bug.cgi?id=33507 ইয়াত] তলৰ ফাললৈ চাওঁক।
:::[[User:Chaipau|চাইপাও]] 12:08, 17 জানুৱাৰী 2012 (UTC)
 
--------------------------------
ঠিক আছে বাৰু৷ মোৰ মতে ৱিকিপিডিয়াৰ প্ৰসাৰৰ বাবে অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ এইটো এটা ভাল সুবিধা৷ সভাখন গুৱাহাটী বিশ্ববিদ্যালয়তে হ'ব যেতিয়া আৰু সেই দিনা দেওবাৰ হ'ব যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ জনাব লাগে৷ মোৰ মতে-
 
(1) এখন গোহাৰী লিখি হোষ্টেলসমূহত বিলাই দিব লাগে৷ আগ্ৰহী ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰিব লাগে৷ লগতে কলেজসমূহলৈকো৷
 
(2) বিভাগসমূহলৈ (বিভাগীয় মূৰব্বীৰ জৰিয়তে) চিঠি প্ৰেৰণ কৰিব লাগে৷ লগতে তেওঁলোককো নিমন্ত্ৰণ কৰিব লাগে৷
 
(3) পাৰিলে দুই এখন কাকতৰ সাংবাদিক একোজনকো নিমন্ত্ৰণ কৰিব লাগে৷
 
(4) কাৰ্যসূচীত ইউনিক'ডত লিখাৰ বিষয়েও কিছু আভাস দিব লাগে৷
 
(5) চাই চাই দুই এজন ডেকা অধ্যাপককো নিমন্ত্ৰণ কৰিব লাগে৷
 
(6) অনুবাদ কৰিব পৰা দিশটো দেখুৱাই দিব লাগে৷ আগ্ৰহী কিন্তু অনলাই থাকি অনুবাদ কৰিব নোৱাৰাসকলৰ বাবে মেইলৰ দ্বাৰা প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰিব লাগে৷ (কাৰণ হোষ্টেলবিলাকত এতিয়া বহুতৰে লেপট'প হৈছে, এনেই চিনেমা চাই সময় কটাই.. গতিকে তেওঁলোকৰ মনত বিষয়টোৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব পৰাটোহে সভাখনৰ প্ৰধান দায়িত্ব হ'ব৷ কাৰণ এতিয়া যিসকলে কৰি আছে, সেইসকলে কৰিবই৷ আমাক নতুন সক্ৰিয় সদস্যহে লাগে৷)
 
(7) ছাত্ৰ-ছাত্ৰীসকলক (যদি আহে) ক'ৰ পৰা কেনেদৰে তথ্য ল'ব পাৰে বা কি কৰিব লাগে সকলো দেখুৱাই দিব লাগে৷ কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত অনেক প্ৰসঙ্গ-পুথি থাকে৷
 
(8) সভাখনত উপস্থিত সকলোকে চাহ-মিঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ (ইয়াৰ বাবে আমাৰ পৰাই কিছু অৰ্থ সংগ্ৰহ কৰিব লাগিব৷)
 
(9) সভাখনৰ বিষয়ে পিছত বাতৰি-কাকতলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব৷
 
বাকী ৱিকিপিডিয়াৰ বিষয়ে কৈ কাৰিকৰী দিশসমূহৰ লগতে প্ৰয়োজনীয়তাৰ কথাবোৰ আলোচনা হ'বই৷ মই জনাত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ইয়াৰ প্ৰয়োজনীযতাৰ দিশটো সুমুৱাই দিব পাৰিলে লেখা এনেই বাঢ়ি যাব৷ সম্পাদনা কৰিবলৈ আমি বাহিৰত থকাসকল আছোৱেই৷ আমাক এতিয়া লেখা লাগে৷ বাকী কাৰ্যসূচীখন তৈয়াৰ কৰিলেই হ'ল৷
 
সভাখনৰ পিছতহে আমি অনুমান কৰিব পাৰিম৷ আমি প্ৰকৃততে অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰৰ বাবে আগলৈ কি কৰিব লাগিব৷ কিন্তু নিমন্ত্ৰণ দিবই লাগিব৷
 
[[সদস্য:Anjal Borah|Anjal Borah]] 12:44, 17 জানুৱাৰী 2012 (UTC)