ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

68 নং শাৰী:
 
[[সদস্য:Anjal Borah|Anjal Borah]] 12:44, 17 জানুৱাৰী 2012 (UTC)
-------------------------------
অঞ্জল দা, আগতেও কৈছোঁ এইখন সীমিতসংখ্যক ৱিকিপিডিয়ানৰ অংশগ্ৰহণৰে meet up হিছাপেহে পৰিকল্পনা কৰা হৈছে। বেলেগ বেলেগ কলেজ, হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকক আমন্ত্ৰণ কৰিলে কৰ্মশালা পাতি লাগিব আৰু তাৰ বাবে কিছু প্ৰস্তুতিৰো প্ৰয়োজন হ'ব। এইখন অনুস্থিত কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা জ্যোতিপ্ৰকাশৰ ৱিকিপিডিয়াৰ জগতত ভৰি থোৱা বেছিদিন হোৱা নাই। আন আন সক্ৰিয় সদস্যৰো উপস্থিতিত অলপ সন্দেহ আছে। গতিকে আমি আগতেই এইখনক কৰ্মশালা বা সভাৰ সলনি ৱিকিপিডিয়ানসকলৰ চিনাকী পৰ্ব আৰু অসমীয়া ৱিকিপিডিয়াৰ ভৱিষ্যত সম্পৰ্কে আলোচনাৰ স্থল বুলিহে চিন্তা কৰিছিলোঁ। এতিয়াই বাতৰি কাকতৰ যোগেদি প্ৰচাৰৰ বিপক্ষেহে দুই-এজনে আগতে কৈছিল। তাৰ সলনি আগতে মানুহক ভাল ভাল লিখনিৰে ৱিকিপিডিয়া সম্পৰ্কে যোগাত্মক ধাৰণা গঢ়িবলৈ উত্‍সাহিত কৰিব লাগে। এবাৰ মিট্‌-আপ অনুস্থিত হোৱাৰ পিছত লাহে-লাহে কৰ্মশালা বা সন্মিলন অনুস্থিত হৈ থাকিব বুলি মোৰ আশা। [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 15:13, 17 জানুৱাৰী 2012 (UTC)