ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
92 নং শাৰী:
 
বিশ্ববিদ্যালয়ৰ হোষ্টেলত খবৰ দিয়াৰ কামটো মই চেষ্টা কৰি চাও... মই পঢ়াৰ সময়ত থকা হোষ্টেলটোৰ জুনিয়ৰ ছাত্ৰসকলক অন্যান্য হোষ্টেলত খবৰ দিয়াৰ কামত সম্ভৱ নিয়োগ কৰাব পাৰিম৷ এখন গোহাৰী ছপাব লাগিছিল৷ মানে ইউনিক'ডত টাইপ কৰি অলপমান জেৰক্স কৰি ল'লেই হ'ব৷ হোষ্টেলবিলাকত দিব লাগিব৷ লগতে বিভাগসমূহত৷ জ্যোতি তোমাৰ ম'বাইল নম্বৰটো মোৰ ফে'চবুকত মেচেজ কৰি দিবা৷ আলোচনা কৰিম৷ [[সদস্য:Anjal Borah|Anjal Borah]] 10:52, 21 জানুৱাৰী 2012 (UTC)
 
==প্ৰস্তাৱিত কাৰ্যসূচী==
# সদস্যসকলক আদৰণি। চিজু এলেক্সক গামোছা পিন্ধাব লাগিব। (জ্যোতি, এখন গোটাবাই। নাপাহৰিবা !)
# চিনাকী পৰ্ব। (১৫ মিনিট)
# ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস। (১৫ মিনিট)
# ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
# অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
# নিখুঁত প্ৰবন্ধ কেনেকৈ লিখিব লাগে। নতুন সদস্যৰ বাবে আন প্ৰয়োজনীয় নিয়মাৱলী।
# অসমীয়া ৱিকিপিডিয়াৰ প্ৰচলিত নীতিসমূহৰ ওপৰত আলোচনা আৰু প্ৰয়োজনীয় নতুন নীতিৰ প্ৰস্তাৱ।
# অসমীয়া ৱিকিপিডিয়াৰ উপ-প্ৰকল্প কিছুমান গঠন (যেনে- পোখালি বিস্তাৰ, জিলাৰ প্ৰবন্ধ লিখাৰ প্ৰকল্প আদি)। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা।
# চাহ-চিঙৰাৰ ওপৰত আক্ৰমণ।
 
ওপৰৰ ৩, ৪ আৰু ৫ নম্বৰকেইটা কৰ্মশালাৰ বাবে ৰখা হৈছে। প্ৰস্তাৱকেইটা চাওক, যোগ-বিয়োগ কৰক আৰু মতামত দিয়ক। (জ্যোতি ফে'চবুকত লিংকটো দি দিয়াচোন। মই ফে'চবুক বন্ধ কৰি ৰাখিছোঁ। বাবুল বৈশ্য দা আপুনিও যিমান পাৰে প্ৰচাৰ চলাই থাকক। অঞ্জল দাদাও লাগি আছে।)