বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|right|200px|<center>বগীবিল দলঙৰ পৰিকল্পনা<center> বগীবিল দলং অসমৰ ...
 
No edit summary
5 নং শাৰী:
২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয়৷ পৰিকল্পনা অনুসৰি ২০১৫ চনত প্ৰকল্পটোৰ সকলো কাম শেষ হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছে৷<ref>Bogibeel bridge to be ready by 2015
[http://www.assamtribune.com/scripts/detailsnew.asp?id=may0811/at092] in Assam Tribune. তথ্য সংগ্ৰহৰ সময়- ০২ ফেব্ৰুৱাৰী ২০১২</ref>
 
==দলঙৰ নাম বিতৰ্ক==
বৰ্ত মান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে৷ [[অসম]]ৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজৰিত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে৷ এই ক্ষেত্ৰত [[চুতীয়া]]সকলে বীৰাংগনা নাৰী [[সতী সাধনী]]ৰ স্মৃতিত 'সতী সাধনী সেতু', [[আহোম]]সকলে [[চাওলুং ছুকাফা]]ৰ স্মৃতিত 'ছুকাফা সেতু', [[মিচিং]] জনগোষ্ঠীয়ে 'ছহিদ [[কমলা মিৰি]] সেতু' বা '[[মিৰি জিয়ৰী]] সেতু', [[দেউৰী]]সকলে '[[ভীমবৰ দেউৰী]] সেতু', [[সোণোৱাল কছাৰী]]সকলে 'সলালী সেতু], [[মুছলমান]]সকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে৷ আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>