দিনপঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
 
 
'''কেলেণ্ডাৰ''' হৈছে [[সময়|সময়চক্ৰ]]ৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত [[সময়]]ক সাধাৰণতে [[দিন]], [[সপ্তাহ]], [[মাহ]], আৰু [[বছৰ]]ত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক [[তাৰিখ]] বুলি জনা যায়। সাধাৰণতে সূৰ্য বা চন্দ্ৰৰ পৰিভ্ৰমণ কালৰ লগত সংগতি ৰাখি কেলেণ্ডাৰত সময়ৰ হিচাপ কৰা হয় (মাহ, বছৰ আদি), অৱশ্যে সেইটো চব কেলেণ্ডাৰতে মানি চলা নহ'বও পাৰে। বিভিন্ন সভ্যতা আৰু সমাজে নিজাকৈ সাজি লোৱা কেলেণ্ডাৰ ব্যৱহাৰ কৰে।
 
দিন, মাহ, বছৰৰ হিচাপৰ ৰাখিবলৈ ব্যৱহাৰ কৰা বস্তুকো 'কেলেণ্ডাৰ' বোলা হয়। সাধাৰণতে 'কেলেণ্ডাৰ' শব্দটোৰে বেৰত আঁৰি থোৱা দিন-মাহৰ হিচাপ ৰখা তালিকাকহে বুজোৱা হয়। কম্পিউটাৰ, মোবাইল ফোন আদিত দিনৰ হিচাপ ৰখা ছফ্টৱেৰকো কেলেণ্ডাৰ বোলা হয়।
"https://as.wikipedia.org/wiki/দিনপঞ্জী"ৰ পৰা অনা হৈছে