সোণাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পাঞ্জাৱী আদি লোকেও নগৰখনত বসবাস কৰি আছে।
==যাতায়ত==
সোণাৰিৰ সৈতে নামৰূপ, নাহৰকটীয়া, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মৰাণ, ডিব্ৰুগড় আদি নগৰৰ সৈতে পোনপতীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে।
ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
 
==অনুষ্ঠান-প্ৰতিষ্ঠান==
"https://as.wikipedia.org/wiki/সোণাৰি"ৰ পৰা অনা হৈছে