ৱাল্ট ডিজনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
এনিমেছন বিষয়ত ৱাল্ট ডিজনীৰ অৱদানৰ বিষয়ে এটা শাৰী যোগ দিয়া হ'ল।
21 নং শাৰী:
| signature = Walt Disney Signature 2.svg
}}
'''ৱাল্টাৰ এলিয়াচ''' "'''ৱাল্ট'''" '''ডিজনী''' (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) আছিল এজন আমেৰিকান [[চলচ্চিত্ৰ প্ৰযোজক]], [[চলচ্চিত্ৰ পৰিচালক|পৰিচালক]], [[চিত্ৰনাট্যকাৰ]], কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক <ref>{{cite news|title=Walt Disney Helped Wernher von Braun Sell Americans on Space|url=http://www.space.com/news/spacehistory/vonbraun_disney_020813.html| agency=Associated Press |author= Dave Bryan |date= 2002-08-13|accessdate=2010-09-27 }}</ref> আৰু মানৱতাবাদী পুৰুষ । এনিমেছন ছবিৰ নিৰ্মান আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া । ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে । সংস্থাটোক এতিয়া [[ৱাল্ট ডিজনী কোম্পানী]] বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ ।
 
এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু [[এনিমেছন]] তথা [[থীম পাৰ্ক]]ৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল । তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে [[মিকী মাউছ]]ৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল । জীৱনকালত তেওঁ চাৰিটা সন্মানজনক [[একাডেমী বঁটা]] লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে <ref name="academyaward">{{cite web|title=Walt Disney Academy awards | url=http://awardsdatabase.oscars.org/index.jsp | publisher=[[Academy of Motion Picture Arts and Sciences]]|accessdate=2008-05-21 }}</ref>। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি । তেওঁ সাতটা [[এম্মী বঁটা]]ও লাভ কৰিছিল । তাৰোপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ [[ডিজনীলেণ্ড]] আৰু [[ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট]]ৰ বাহিৰেও আন্তৰ্জাতিক [[টকিয়' ডিজনী]], [[ডিজনীলেণ্ড পেৰিছ]] আৰু [[ডিজনীলেণ্ড হংকং]]ক দান কৰে ।