পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
48 নং শাৰী:
}}
 
[[ভেকুৱাম]]ত পোহৰৰ বেগ, যিযাক সাধাৰণতে '''''c''''' ৰে বুজোৱা হয়, ই [[পদাৰ্থ বিজ্ঞান]]ত বহুল ভাবে ব্যৱহৃত এক [[ভৌতিক ধ্ৰুৱক]]। ইয়াৰ মান প্ৰায় ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক বৰ্ণনা কৰা হয় ।<ref name="penrose">{{Cite book| last=পেনৰ’জ |first=আৰ. | year=2004 | title=The Road to Reality: A Complete Guide to the Laws of the Universe | pages=৪১০-১ | publisher=ভিণ্টেজ বুকচ | isbn=৯৭৮০৬৭৯৭৭৬৩ | quote=... the most accurate standard for the metre is conveniently ''defined'' so that there are exactly 299,792,458 of them to the distance travelled by light in a standard second, giving a value for the metre that very accurately matches the now inadequately precise standard metre rule in Paris. }}</ref> মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।
 
[[বিশেষ আপেক্ষিকতাবাদ]]ৰ মতে ''''c'''' হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো শক্তি, পদাৰ্থ আৰু তথ্যই পাব পৰা সৰ্বোচ্চ বেগ। ই হৈছে সকলোবোৰ [[ভৰহীন কণা]] আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] যেনে ভেকুৱামত [[পোহৰ]]ৰ দৰে ভৰহীন কণাৰ সংলগ্ন [[ক্ষেত্ৰ (পদাৰ্থ বিজ্ঞান)|ক্ষেত্ৰ]] সমূহৰ বেগ, ইয়াক [[মহাকৰ্ষণৰ বেগ]] সুত্ৰ (অৰ্থাত্‍ [[মহাকৰ্ষণীয় তৰংগ]])ৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। এনে কণা বা তৰংগ‍ৰ বেগ ইয়াৰ উত্‍স বা দৰ্শক জন থকা [[জড় প্ৰসংগ প্ৰণালী]]টোৰ ওপৰত নিৰ্ভৰ নকৰেআৰু ইয়াৰ মান স্থিৰ থাকে, এই ''''c''''' ক আমি [[এলবাৰ্ট আইনষ্টাইন|আইনষ্টাইন]]ৰ বিখ্যাত [[ভৰ-শক্তিৰ সমতুল্যতা]] ''E''&nbsp;=&nbsp;''mc''<sup>2</sup> ত দেখিবলৈ পাওঁ।<ref name=LeClerq>{{Cite book| last=ঊজান |first=জে.পি. |last2=লেকলেৰ্ক|first2=বি. | year=২০০৮ | title=The Natural Laws of the Universe: Understanding Fundamental Constants | url=http://books.google.com/?id=dSAWX8TNpScC&pg=PA43 | pages=৪৩-৪ | publisher=স্প্ৰিনজাৰ | isbn=০৩৮৭৭৩৪৪৫৪৬ }}</ref>
 
কাঁচ, বায়ু, পানী আদিৰ দৰে [[স্বচ্ছ পদাৰ্থৰ]] মাজেৰে যাওঁতে পোহৰৰ বেগ(''''v'''') ধ্ৰুৱক ''''c'''' তকৈ কিছু কম হয়, ''''c'''' আৰু কোনো এক পদাৰ্থৰ বাবে ''''v'''' ৰ মানৰ অনুপাতক সেই পদাৰ্থটোৰ [[প্ৰতিসৰণাংক]] ''n'' বোলা হয়, অৰ্থাত্‍
(''n''&nbsp;=&nbsp;''c''&nbsp;/&nbsp;''v''). ঊদাহৰণস্বৰূপে, [[দৃশ্যমান পোহৰ]]ৰ বাবে কাঁচৰ প্ৰতিসৰণাংক প্ৰায় ১.৫ অৰ্থাত্‍ পোহৰে কাঁচৰ মাজেৰে প্ৰায় {{nowrap|''c'' / 1.5 ≈২০০০০০}} km/sকি. মি. প্ৰতি ছেকেণ্ড বেগেৰে গতি কৰে, বায়ুৰ প্ৰতিসৰণাংক প্ৰায় ১.০০০৩ গতিকে ভেকুৱামতকৈ বায়ু মাধ্যমত পোহৰে ৯০ km/sকি. মি. প্ৰতি ছেকেণ্ড কম বেগত গতি কৰে ।
 
প্ৰায়সংখ্যক ক্ষেত্ৰতে পোহৰক আমি পলকতে গতি কৰা কণা বুলিব পাৰো যদিও, বহু বেছি দূৰত্বৰ ক্ষেত্ৰত আৰু অতি সংবেদনশীল গণনাৰ ক্ষেত্ৰত পোহৰৰ সীমিত গতিৰগতিবেগৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ, মহাকাশৰ কোনো ঠাইলৈ, যেনে এখন মহাযানলৈ যাওঁতে বা তাৰ পৰা আহোঁতে পোহৰে কেইবা মিনিটৰ পৰা ঘণ্টা পৰ্যন্ত ল’ব পাৰে । আমি আকাশত দেখা বহুতো তৰা আচলতে সেই তৰাটোৰ পৰা বহুবছৰ আগতেই অহা পোহৰ মাত্ৰ যি এক বৃহত্‍ দূৰত্ব অতিক্ৰম কৰাৰ পাছত আমাৰ চকুত পৰিছেহি। পোহৰৰ বেগৰ সীমাবদ্ধতাই তাত্বিক কম্পিউটাৰ সমূহৰ বেগকো এক নিৰ্দিষ্ট সীমা প্ৰদান কৰিছে, কিয়নো কম্পিউটাৰ এটাৰ ভিতৰত এটা চিপ(chip)ৰ পৰা আন এটা চিপলৈ তথ্যসমূহ আমি পঠিয়াবই লাগিব।
 
১৬৬৭ চনত অ’লে ৰ’মাৰে [[বৃহস্পতি]]ৰ চন্দ্ৰসমূহৰ আপাত গতি অধ্যয়ন কৰি পোন প্ৰথম বাৰৰ বাবে "পোহৰৰ গতিবেগ সীমিত" বুলি মন্তব্য আগবঢ়াইছিল। পাছত ১৮৮৫ চনত [[জেমচ ক্লাৰ্ক মেক্সৱেল|জেমচ ক্লাৰ্ক মেক্সৱেলে]] পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমান কৰে, সেয়ে হিচাপে পোহৰৰ গতিবেগ ''''c'''' হয়, [[এলবাৰ্ট আইনষ্টাইন|এলবাৰ্ট আইনষ্টাইনে]] ব্যাখ্যা আগবঢ়াই যে কোনো জড় প্ৰসংগ প্ৰণালীৰ সাপেক্ষে পোহৰৰ বেগ ইয়াৰ উত্‍সৰ ওপৰত নিৰ্ভৰশীল নহয় <ref name="stachel">{{cite book |title=Einstein from "B" to "Z" - Volume 9 of Einstein studies |first1=জে.জে. |last1=ষ্টেতচেল |publisher=স্প্ৰিনজাৰ |year=২০০২ |isbn=0817641432 |page=226 |url=http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA226}}</ref> তেওঁ লগতে [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সহায়ত এই পৰিঘটনাৰ অনুসিদ্ধান্তসমূহ ব্যাখ্যাও কৰে আৰু দেখুৱাই যে, ''c'' পোহৰ বা বিদ্যুত চুম্বকত্ব বাহিৰেও আন আন ক্ষেত্ৰতো প্ৰাসংগিক । তাৰ পিছত শতিকাজোৰা গণনা অন্তত ১৯৭৫ চনত পোহৰৰ বেগ ২৯৯৭৯২৪৫৮ মি .প্ৰতি ছেকেণ্ড বুলি নিশ্চিত কৰা হয় (য’ত ভুলৰ সম্ভাৱনা ৪ বিলিয়ন ভাগৰ এভাগ)। ১৯৮৩ চনত মিটাৰ এককক নতুনকৈ বৰ্ণনা কৰা হয়, এই অনুসৰি ভেকুৱামত ২৯৯৭৯২৪৫৮ ভাগৰ ১ ছেকেণ্ডত পোহৰে অতিক্ৰম কৰা দূৰত্বই ১ মিটাৰ। <ref name=BIPM_SI_units>{{SIbrochure|page=১১২}}</ref>
"https://as.wikipedia.org/wiki/পোহৰৰ_বেগ"ৰ পৰা অনা হৈছে