পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ:-৪৮০খৃ:পূ:) [[ছক্ৰেতিচ]]ৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬-৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "[[থেলাচ|থেলাচে]]" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতা" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে। <ref>চিংগাৰ, চি.. ''A Short History of Science to the 19th century.'' ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫</ref> খৃষ্ট পূৰ্ব ৫ম শতিকাত [[লুচিপাচ|লুচিপাচে]] [[পৰমাণুবাদ]]ৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক [[পৰমাণু]] বোলা হয়, পাছত এই মতবাদৰ [[ডেমক্ৰিটাচ|ডেমক্ৰিটাচে]] বাখ্যা আগবঢ়াই।
[[Image:Aristotle Altemps Inv8575.jpg|thumb|150px|left|[[ এৰিষ্টটল]] (৩৮৪–৩২২ খৃ:পূ:)]]
 
[[প্লেটো|প্লেটোৰ]] শিষ্য [[এৰিষ্টটল]] (৩৮৪ -৩২২ খৃ:পূ:)এ প্ৰথমে মতপোষন কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ; ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) [[প্ৰাকৃতিক দৰ্শন]]ৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।
 
==তথ্যসুত্ৰ==
<references/>