চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাল প্ৰবন্ধ
সজ্জা
44 নং শাৰী:
 
==তত্ব==
{{Main|Film theory | Philosophy of language film analysis}}
 
চলচ্চিত্ৰ তত্বই চলচ্চিত্ৰ অধ্যয়নৰ বাবে কিছুমান 'ধাৰণা' গঢ় দিয়াৰ প্ৰয়াস কৰে। চলচ্চিত্ৰ তত্বৰ প্ৰথম আৰম্ভনি ঘটে 'ৰিকিঅ'টো কেনুড'ৰ 'দা বাৰ্থ অৱ দা চিক্স্‌থ আৰ্ট' ('The Birth of the Sixth Art', Ricciotto Canudo) নামৰ কিতাপখনত। ৰুড্লফ আৰ্নহাইম, বেলা বালাজ, আৰু ছিগফ্ৰাইড ক্ৰকাৰ (Rudolf Arnheim, Bela Balazs, and Siegfried Kracauer)-এ 'গাঠনিক চলচ্চিত্ৰ তত্ব'-ৰ (Formalist Film Theory) পোষকতা কৰে। এই তত্ব অনুসৰি বাস্তৱৰ লগত পাৰ্থক্যই চলচ্চিত্ৰ শিল্পৰ মূল কলাত্মক ভেঁটি। কিন্তু [[আন্দ্ৰে বাজিন]]-এ (Andre Bazin) এই তত্বৰ বিৰোধীতা কৰি কয় যে চলচ্চিত্ৰৰ কলাত্মক ভিত্তি হৈছে বাস্তৱক পুনৰ-নিৰ্মান কৰাত হে বাস্তৱৰ লগত পাৰ্থক্য অনাত নহয়। বাজিনৰ তত্বক 'বাস্তৱবাদী তত্ব' (Realist Theory) বোলা হয়। চলচ্চিত্ৰৰ নতুন পণ্ডিতসকলে চলচ্চিত্ৰৰ মনোবৈশ্লেষণিক তত্ব, গাঠনিক তত্ব, নাৰীবাদী তত্ব আদি কেইবাটাও নতুন ধাৰণাৰ জন্ম দিছে। আনহাতে এই তাত্বিক ধাৰণাবোৰৰ সলনি চলচ্চিত্ৰৰ কলাক 'জীৱন দৰ্শনৰ এক প্ৰতিফলন' বুলি কব খোজে। 'ৱিটজেনষ্টাইন' (Wittgenstein) এই ধাৰণাৰ মূল প্ৰতিষ্ঠাপক।
Line 52 ⟶ 51:
 
===মন্তাজ===
{{Main|Montage (filmmaking)|l1=Montage}}
 
'মন্তাজ' চলচ্চিত্ৰ সম্পাদনাৰ এটা কৌশল। নিৰ্বাক যুগত ক্ৰমবিহীন দুটা দৃশ্যক একেলগে দৰ্শাই দৃশ্যটোৰ অৰ্থ সলনি কৰি দিবলৈ বা দৃশ্যাংশৰ আবেদন অধিক তীব্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। সবাক ছবি অহাৰ পাছত একে প্ৰক্ৰিয়াকে কেতিয়াবা দৃশ্যৰ লগত মিল নথকা শব্দ প্ৰয়োগ কৰি বা আন বহুতো কৌশলেৰে প্ৰয়োগ কৰা হৈছে। 'ছোলে' বোলছবিৰ গব্বৰ সিঙৰ চৰিত্ৰটোৱে গাঁৱৰপৰা বাহিৰলৈ পঢ়িবলৈ যোৱাৰ সময়ত কিশোৰ এজনক হত্যা কৰাৰ দৃশ্যটো নেদেখুৱাই তাৰ ঠাইত হাতত পৰি থকা মাখি এটা মৰাৰ দৃশ্য দেখুৱাই সমাপ্ত কৰা হয়। মাখি মৰাৰ দৃশ্যটো যদিও মূল কাহিনীৰ লগত লগত সংগতিহীন, তথাপিও সেই দৃশ্যাংশৰ অৰ্থটো মাখি মৰা কাৰ্য্যই সম্পূৰ্ণ কৰে। অৱশ্যে এই দৃশ্যটোত সৰু ঘটনাটো ঘটনাকালত ঘটি যোৱা এটা সৰু খুঁটি-নাটি হিচাপে দেখুওৱা হৈছে। আজিকালিৰ চলচ্চিত্ৰত মন্তাজক প্ৰায়েই ছবিৰ কাহিনীৰ খুঁটি-নাটিৰ লগত সংলগ্ন দৃ্শ্য ব্যৱহাৰ কৰি কৰা হয়। মন্তাজৰ সফল প্ৰয়োগৰ বাবে [[ছেৰ্গেই আইজেনষ্টাইন]]ৰ ছবিসমূহ অগ্ৰনী আছিল বুলি কোৱা হয়। <ref>গুহ, সৌমেন । ''ছেৰ্গেই আইজেনষ্টাইন - জীৱন ও চলচ্চিত্ৰ''। দীপায়ন ।মাঘ, ১৪০৪ (শকাব্দ)। কলিকতা।</ref>
 
===চলচ্চিত্ৰ সমালোচনা===
{{Main|চলচ্চিত্ৰ সমালোচনা}}
{{Main|Film criticism}}
 
চলচ্চিত্ৰ সমালোচনাই চলচ্চিত্ৰৰ বিশ্লেষণ আৰু মূল্যায়নক সাঙুৰি লয়। চলচ্চিত্ৰ সমালোচনা মূলতে দুই প্ৰকাৰৰ: বিদ্যায়তনিক আৰু সংবাদভিত্তিক। বিদ্যায়তনিক সমালোচনাত চলচ্চিত্ৰৰ ধ্যান-ধাৰণা, ব্যাকৰণ আদিৰ ওপৰত অধ্যয়ন কৰা হয় আৰু সাধাৰণতে চলচ্চিত্ৰৰ পণ্ডিত, ছাত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণকাৰীৰ মাজতে সীমাবদ্ধ থাকে। আনহাতে সংবাদভিত্তিক সমালোচনাত কোনো এখন চলচ্চিত্ৰৰ সমালোচনা আগবঢ়োৱা হয়, য'ত পঢ়ুৱৈ হয় সাধাৰণ ৰাইজ আৰু ঘাইকৈ সমালচনা কৰা ছবিখনৰ ভাল, বেয়া দিশবোৰ আঙুলিয়াই দিয়া হয়। সংবাদভিত্তিক সমালোচনা বহুলকৈ বাতৰি-কাকত বা অন্যান্য গণ-সংযোগৰ মাধ্যমত প্ৰকাশ কৰা হয়।
Line 64 ⟶ 61:
 
==চলচ্চিত্ৰ উদ্যোগ==
{{Main|চলচ্চিত্ৰ উদ্যোগ}}
{{Main|Film industry}}
 
[[Image:SortiedesOuvriersdel1895-01.jpg|right|thumb| লুমিয়েৰ ভাতৃদ্বয়ৰদ্বাৰা নিৰ্মিত 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon) চলচ্চিত্ৰৰ এটা ফ্ৰেম। ]]
চলচ্চিত্ৰ নিৰ্মান আৰু প্ৰদৰ্শন এটা লাভজনক ব্যৱসায়। প্ৰথম আৰম্ভনিৰ পৰাই চলচ্চিত্ৰ জনসাধাৰণৰ মাজত বিপুল ভাৱে জনপ্ৰিয় হৈ পৰে, সেয়ে অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মান এটা লাভজনক ব্যৱসায় হিচাপে গঢ় লৈ উঠে।। ১৮৯০-ৰ দশকত 'লুমিয়েৰ ভাতৃদ্বয়ে' ( Auguste আৰু Louis Lumière) আৱিস্কাৰ কৰে 'চিনেমাটোগ্ৰাফ' (Cinématographe) নামৰ এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰটো মূলতে এটা চলচ্চিত্ৰৰ কেমেৰা হ'লেও ইয়াৰ সহায়ত কেমেৰাৰ ফিল্ম পৰিস্ফূটন কৰাৰ উপৰিও প্ৰজেক্টৰ হিচাপে ব্যৱহাৰ কৰি পৰ্দাত চাব পৰা গৈছিল। কিছু সংখ্যকৰ মতে এই যন্ত্ৰৰ মূল আৱিস্কাৰক আছিল 'লিঅ'ন ব'লি' (Léon Bouly)। তেখেতে ১৮৯২ চনত এই যন্ত্ৰ নিৰ্মান কৰিছিল যদিও ধনৰ অভাৱত তাক পেটেণ্ট কৰিব নোৱাৰিলে। তেখেতৰপৰাই লুমিয়েৰ ভাতৃদ্বয়ে এই যন্ত্ৰ কিনি লয় আৰু নিজৰ নামত পেটেণ্ট লয় ১৩ ফেব্ৰুৱাৰী ১৮৯৫ চনত। তেওঁলোকে এই যন্ত্ৰৰদ্বাৰাই প্ৰথম ছবি তোলে ১৯ মাৰ্চ, ১৮৯৫ চনত।
 
 
প্ৰথম লোৱা ছবি আছিল তেওঁলোকৰ কলঘৰৰপৰা ওলাই গৈ থকা শ্ৰমিক সকলৰ গতিশীল ছবি। ছবিখনৰ নাম আছিল 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon)। লুমিয়েৰ ভাতৃদ্বয়ে এই ছবিখন প্ৰথমে ব্যক্তিগত ভাৱে প্ৰদৰ্শন কৰে ১৮৯৫ চনৰ ২২ মাৰ্চত। একেখন ছবিৰে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয় একে চনৰ ২৮ ডিচেম্বৰ তাৰিখে পেৰিছৰ এখন কাফেত (Salon Indien du Grand Café)। লুমিয়েৰ ভাতৃদ্বয়ৰ এই ছবিখনকে প্ৰথম চলচ্চিত্ৰ বুলি সাধাৰণ ভাৱে অভিহিত কৰা হয় যদিও চলচ্চিত্ৰৰ ছবি তোলা বিশেষ কেমেৰা ব্যৱহাৰ কৰি তোলা প্ৰথমখন চলচিত্ৰ আছিল 'লুই লে প্ৰিন্স'ৰ ( Louis Le Prince) ১৮৮৮ চনত নিৰ্মিত 'ৰাউণ্ডহে গাৰ্ডেন চিন' (Roundhay Garden Scene)।
 
 
প্ৰথম নিৰ্মিত ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিলৈ চাই লুমিয়েৰ ভাতৃদ্বয়ে ঠায়ে ঠায়ে ভ্ৰমি চলচ্চিত্ৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথমে গৈ ঠাইখনৰে কিছুমান চলচ্চিত্ৰ তুলি লৈ সেই বিলাকো প্ৰদৰ্শনত সংযোগ কৰিছিল। এনেদৰেই তেওঁলোকে চলচ্চিত্ৰ নিৰ্মানৰ প্ৰতি বহুতকে আকৰ্ষিত কৰি তোলে আৰু তেওঁলোকৰ যন্ত্ৰৰ বিক্ৰীও বাঢ়ি আহিবলৈ ধৰে। ১৮৯৮ চনত নিৰ্মিত 'অবেৰামেৰ্জ' পেছন প্লে' (Oberammergau Passion Play)-ক প্ৰথম কাহিনী ভিত্তিক চলচ্চিত্ৰ বুলি কোৱা হয়। এইখন আচলতে [[বাভাৰিয়া]]ৰ একে নামৰ গাঁৱ এখনত যীচু খ্ৰীষ্টৰ কাহিনী দৰ্শাই কৰা এখন নাটক। সোনকালেই কাহিনী চিত্ৰৰ নিৰ্মান বাঢ়ি আহে। আৰু ইয়াৰ জনপ্ৰিয়তাই নাটক আৰু অপেৰাৰ জনপ্ৰিয়তাক চেৰ পেলাবলৈ সক্ষম হয়। লগে লগেই ব্যৱসায়ভিত্তিত চলচ্চিত্ৰ নিৰ্মান আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাৰ ষ্টুডিঅ' বিলাকত মাহিলী দৰমহাৰ ভিত্তিত অভিনেতা, কলা-কুশলী ৰখা হৈছিল আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মান কৰি ৰাইজলৈ আগবঢ়োৱা হৈছিল।
Line 81 ⟶ 76:
 
==সংলগ্ন অন্যান্য ক্ষেত্ৰ==
{{See|Film history| Film criticism|Film theory|Product placement|Propaganda}}
চলচ্চিত্ৰৰ ওপৰত ভিত্তি কজৰি বহুতো নতুন নতুন ক্ষেত্ৰ আৰু পেছা গঢ় লৈ উঠিছে। পেছা সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে। এই অংশত মাত্ৰ চলচ্চিত্ৰৰ লগত জড়িত বিদ্যায়তিন ক্ষেত্ৰবোৰৰ বিষয়ে উনুকিওৱা হৈছে। 'চলচ্চিত্ৰ সমালোচনা', 'চলচ্চিত্ৰৰ ইতিহাস', 'চলচ্চিত্ৰৰ শ্ৰেণী বিভাগ', 'মানসিক জগতত চলচ্চিত্ৰৰ প্ৰভাৱ' ইত্যাদি চলচ্চিত্ৰৰ সতে জড়িত অধ্যয়নৰ ক্ষেত্ৰ। চলচ্চিত্ৰৰ লগত সাংবাদিকতাৰো সংযোগ ঘটিছে। চলচ্চিত্ৰ সাংবাদিকতা, চলচ্চিত্ৰ পৰ্য্যালোচনা, চলচ্চিত্ৰ বিষয়ক আলোচনী আদিও চলচ্চিত্ৰৰ লগত জড়িত অন্যান্য ক্ষেত্ৰ। চলচ্চিত্ৰ উদ্যোগৰ দলগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে ছবি হল আৰু ইয়াক কেন্দ্ৰ কৰি গড় লৈ উঠা বিভিন্ন ব্যৱসায়। চলচ্চিত্ৰৰ দ্বাৰা দূৰদৰ্শনৰো বহুতো অনুষ্ঠান প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত হয়।
 
Line 101 ⟶ 95:
 
===পূৰ্বদৰ্শন (Preview) ===
{{main|চলচ্চিত্ৰ পূৰ্বদৰ্শন}}
{{main|Test screening}}
দৰ্শকৰ বা মুকলি কৰি দিয়াৰ আগতে নিৰ্বাচিত দৰ্শকক ছবিখন দেখুওৱা হয়। সাধাৰণতে পৰিবেশক, উদ্দেশ্যিত দৰ্শক বা বিশেষ গোটত ছবিখন দেখুওৱা হয়, যাতে তেওঁলোকৰ মতামত জানিব পৰা যায়। এই গোটৰ সহাঁৰিলৈ লক্ষ্য ৰাখি ছবিখনৰ কেতিয়াবা সালসলনিও ঘটোৱা হয়।
 
===ট্ৰেইলাৰ (Trailer)===
{{Main|চলচ্চিত্ৰ ট্ৰেইলাৰ}}
{{Main|Film trailer}}
 
নিৰ্মিত চলচ্চিত্ৰ এখনৰ বিজ্ঞাপনৰ বাবে ছবিখনৰ দৃশ্যাংশৰ টুকুৰা ছবিএখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াকে ট্ৰেইলাৰ বোলা হয়। আগতে মূল ছবিৰ শেষত এই অংশটো দেখুওৱা হৈছিল বাবে ইয়াক ট্ৰেইলাৰ (ইং: Trail শব্দৰপা অহা) বোলা হৈছিল। আজিকালি অৱশ্যে ট্ৰেইলাৰ ছবিৰ আগতে বা মাজৰ 'বিৰাম'ৰ সময়ত দেখুওৱা হয়। এতিয়া ট্ৰেইলাৰখনত ছবিৰ দৃশ্যাংশৰ বাহিৰেও আন সমলো কেতিয়াবা সংযোগ কৰা হয়।
 
==শিক্ষামূলক আৰু বিশেষ উদ্দেশ্যৰ চলচ্চিত্ৰ== (<!--Educatioal and Propaganda Film)==-->
মনোৰঞ্জনৰ বাহিৰেও চলচ্চিত্ৰ শিক্ষমূলক বা বিশেষ উদ্দেশ্যধৰ্মীও হ'ব পাৰে। যেনে কোনো বিশেষ বিষয়ৰ ওপৰত দিয়া বক্তৃতাৰ ছবি, কোনো এটা বিষয়ৰ জ্ঞান দিয়াৰ বাবে নিৰ্মিত ছবি, ইত্যাদি। চলচ্চিত্ৰক কেতিয়াবা বিশেষ উদ্দেশ্য পূৰণ কৰিবৰ বাবেও নিৰ্মান কৰা হয়। যুদ্ধৰ সময়ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ, বিশেষ পন্থাৱলম্বী গোটে আন মানুহক নিজৰ গোটত যোগ দিয়াবলৈ এনে চলচ্চিত্ৰ নিৰ্মান কৰে।
 
 
==টোকা==
 
 
==Notes==
{{Reflist}}
 
==তথ্যসূত্ৰ==
==References==
{{Refbegin}}
* {{Cite book|author=Acker, Ally|title=Reel Women: Pioneers of the Cinema, 1896 to the Present|location=New York|publisher=Continuum|year=1991|isbn=0826404995}}
Line 139 ⟶ 131:
{{Refend}}
 
==বাহ্যিক সংযোগ==
==External links==
{{Sister project links}}
<!--Links ordered alphabetically-->
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে