চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
১৮৬০ চনৰপৰাই 'দৃষ্টি-জড়তা' পৰিঘটনাক ব্যৱহাৰ কৰি স্থিৰ ছবিক গতি দিয়া বিভিন্ন সঁজুলি গঢ়ি উঠিছিল। অৱশ্যে সেই বিলাক মূলত: খেলৰ সামগ্ৰীহ আছিল। 'জুট্ৰ'প', 'মিউটোস্কোপ', 'প্ৰাক্সিনোস্কোপ' ইত্যাদি এনে খেলনাৰ উদাহৰণ। এনে খেলনাত হাতে আঁকি লোৱা ছবি ব্যৱহাৰ কৰা হৈছিল। এই খেলনা বিলাকৰপৰাই পাছলৈ [[এনিমেছন]] গঢ় লৈ উঠে।
 
ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিস্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ [[ইডৱাৰ্ড মাইব্ৰিজ]]-এ (Eadweard Muybridge) আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪ খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪ টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰথম আৰম্ভনি। অৱশ্যে তেতিয়াও ইয়াক চলচ্চিত্ৰ বোলা হোৱা নাছিল। <ref>Williams, Alan Larson (1992) [http://books.google.com/books?id=ESVZOghoi6kC&pg=PA17&dq=Eadweard+Muybridge+horse+-+english+photographer&hl=en&ei=755FTLKABoGBlAfFoKnBBA&sa=X&oi=book_result&ct=result&resnum=8&ved=0CFcQ6AEwBw#v=onepage&q=Eadweard%20Muybridge%20horse%20-%20english%20photographer&f=false Republic of images: a history of French filmmaking] Harvard University Press</ref> পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মান কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ।
[[File:LouisLePrinceFirstFilmEver RoundhayGardenScene.png|thumb|left|''[[Roundhay Garden Scene]]''-ৰ এখন স্থিৰ চিত্ৰ, চলচ্চিত্ৰগ্ৰহণ কেমেৰাৰে তোলা প্ৰথমখন চলচ্চিত্ৰ। ফটো তুলিছিল লুই দি প্ৰিন্স-এ (Louis Le Prince, চন ১৯৮৮]]
 
প্ৰখ্যাত আৱিস্কাৰক [[থমাছ আলভা এডিছন]]-এ (Thomas Alva Edison) গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী [[উইলিয়াম ডিকছন]]-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্ৰাফ]] (Kinetograph) আৰু সেই ছবি চলমান অৱস্থাত চোৱাৰ বাবে [[কাইনেট'স্কোপ]] (Kinetoscope) নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলমান ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দী আৱিস্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। [[থমাছ এৰ্মাট]] (Thomas Armat) নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা [[প্ৰজেক্টৰ]] (Projector) নিৰ্মান কৰে আৰু নাম দিয়ে [[ভিটাস্কোপ]] (Vitascope)।<ref>http://www.britannica.com/EBchecked/topic/179233/Thomas-Alva-Edison আহৰণ কৰা তাৰিখ: জুলাই ২৮, ২০১১</ref>
31 নং শাৰী:
[[File:Le Voyage dans la lune.jpg|thumb| জৰ্জ মেলিয়েৰ-ৰ (Georges Méliès) ''চন্দ্ৰ ভ্ৰমণ (Le Voyage dans la Lune (A Trip to the Moon))'' (১৯০২), লগে লগে বাখ্যা আগবঢ়াই গৈ থকা প্ৰথম ছবিসমূহৰ এখনৰ স্থিৰ চিত্ৰ]]
 
প্ৰথম বিশ্বযুদ্ধৰ বাবে ইউৰোপত চলচিত্ৰৰ কাম লেহেমীয়া হৈ পৰে, আনহাতে এই সময়ছোৱাতে আমেৰিকাত নিৰ্মিত দুখন নিৰ্বাক ছবিয়ে চলচিত্ৰক এটা মৰ্য্যদাপূৰ্ণ শিল্পৰ শাৰীত বহুৱাবলৈ সক্ষম হয়। ডি. ডব্লু. গ্ৰিফিথ-ৰ (D. W. Griffith) 'দা বাৰ্থ অৱ এ নেছন' ('The Birth of a nation') আৰু 'ইনট'লাৰেন্স' (Intolerance), এই দুখন ছবিয়ে চলচিত্ৰ নিৰ্মান শেলীত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰধম বিশ্বযুদ্ধৰ পাছত ইউৰোপতো কেবা গৰাকী চলচিত্ৰ নিৰ্মাতাই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে চলচিত্ৰ শিল্পক এটা স্বয়ংসম্পূৰ্ণ কলাৰ ৰূ্পৰূপ দিয়ে। এওঁলোকৰ ভিতৰত তিনিগৰাকী বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি আছিল--ছেৰ্গেই আইজেনষ্টাইন, ফ্ৰেডেৰিক উইলহেল্ম মাৰ্নো আৰু ফ্ৰিজ লেং। প্ৰায় একে সময়তে আমেৰিকাত চাৰ্লি চেপলিন আৰু বাষ্টাৰ কীটন-এ চলচ্চিত্ৰক বিপুলভাৱে জনপ্ৰিয় কৰি তোলাৰ উপৰিও নতুন নতুন অৱদানেৰে সমৃদ্ধ কৰি থৈ যায়।
 
১৯২৪ চনৰপৰা চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নিৰ্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচিত্ৰত শব্দৰ প্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। এনিমেছন ছবিত শব্দৰ প্ৰথম প্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নিৰ্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা। <ref>Beck, Jerry (ed) (2004). "Animation Art". First Edition. Flame Tree. ISBN 1844511405</ref> শব্দ সম্বলিত চলচিত্ৰক 'টকীং পিক্‌চাৰ' (Talking Picture) বা চমুকৈ 'টকী' (Talkie) বোলা হৈছিল। বোলছবি বা কথাছবি বুলিলে প্ৰকৃত অৰ্থত 'টকী'ক বুজোৱা হয়। শব্দ সম্বলিত চলিচত্ৰক মানুহে বিপুল ভাৱে আদৰি লৈছিল। সেয়ে সোনকালেই নিৰ্বাক ছবিৰ নিৰ্মান প্ৰায় বন্ধ হৈ যায়।
 
ইমানদিনলৈ চলচ্চিত্ৰ আচল মাত্ৰ ক'লা-বগা ৰঙত। ক্ৰমান্বয়ে চলচ্চিত্ৰত 'স্বাভাৱিক ৰঙ'ৰ প্ৰয়োগ কৰা হৈছে। স্বাভাৱিক ৰঙ বোলোতে পিছে বাস্তৱ পৃথিৱীৰ ৰঙৰ নিচিনা বুজোৱা হোৱা নাছিল। কেমেৰাৰ ৰঙৰ সৈতে ছবি তোলা পদ্ধতিকহে 'স্বভাৱিক ৰঙ' বোলা হৈছিল। ক'লা-বগা ৰীলত ৰঙ দি বা অন্য উপায়েৰে ছবিত ৰঙ দিয়াটোক 'স্বাভাৱিক ৰঙ' বোলা নহৈছিল। নামত 'স্বাভাৱিক ৰঙ' হ'লেও পিছে প্ৰথম অৱস্থাৰ ৰঙীন ছবিবোৰত স্বভাৱিক ৰঙ দেখা নগৈছিল। তিনি তৰপীয়া ৰঙীন ছবি তোলাৰ ব্যৱস্থা থকা 'টেক্‌নিকালাৰ' (Tchnicolor) পদ্ধতি আৱিস্কাৰ হোৱাৰ পাছত হে কিছু পৰিমাণে স্বাভাৱিক ৰঙ দেখা গৈছিল। এই পদ্ধতিৰে ১৯৩৪ চনত কেবাখনো ছবি আংশিক ভাৱে ৰঙীন কৰি নিৰ্মান কৰা হৈছিল। ১৯৩৫ চনত নিৰ্মান হোৱা 'বেকী ছাৰ্প' (Becky Sharp) আছিল প্ৰথমখন সম্পূৰ্ণ ৰঙীণ ছবি। চলচ্চিত্ৰক শব্দৰ প্ৰয়োগক দৰ্শকে বিপুল উৎসাহেৰে আদৰি লৈছিল যদিও, ৰঙৰ সংযোজনে ইমান বিপুল সঁহাৰি পোৱা নাছিল। সেয়ে ৰঙীন ছবিৰ লগতে ক'লা-বগাৰ ছবিৰ নিৰ্মাণো বহুত দিনলৈ চলি আছিল। বৰ্তমানেও ক'লা-বগা ছবি পৰীক্ষামূলক ভাৱে নিৰ্মান কৰা হয়। অৱশ্যে সেয়া বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিহে।
 
১৯৫০-ৰ দশকৰ প্ৰথম ভাগত আমেৰিকাত প্ৰথম ক'লা-বগা দূৰদৰ্শনৰ প্ৰচলন ঘটে। দূৰদৰ্শনে চলচ্চিত্ৰৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰৈ। তেতিয়াই ক'লা-বগা দূৰদৰ্শনৰ বিপৰীতে ৰঙীন ছবি নিৰ্মান কৰি চলচ্চিত্ৰক আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰা হয়। সেই সময়ৰেপৰা ৰঙীন ছবিৰ নিৰ্মান বৃ্দ্ধিবৃদ্ধি পায়। ১৯৬০-ৰ দশকত ৰঙীন টিভিৰ প্ৰসাৰ ঘটে। তেতিয়াৰে পৰা ক'লা-বগা ছবিৰ নিৰ্মান আমেৰিকাত বন্ধ হোৱাৰ নিচিনাই হৈ পৰে। ভাৰতীয় আৰু বিশেষকৈ অসমীয়া ভাষাৰ ছবি ১৯৭০-ৰ দশকলৈ ক'লা-বগা আছিল। ইয়াৰ বাবে অৱশ্যে খৰছৰ কথাটোহে মুখ্য আছিল।
 
প্ৰথম সময়ৰ (১৯৬০ চনলৈ) চলচ্চিত্ৰ নিৰ্মানৰ মূল কেন্দ্ৰ আছিল ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'বিলাকে মাহিলী দৰমহা দি শিল্পী, কলা-কুশলী ৰাখিছিল, আৰু তেওঁলোকৰ দ্বাৰা চলচিত্ৰ নিৰ্মান কৰিছিল। ৬০-ৰ দশকৰপৰা এই ব্যৱস্থা উঠি গৈ এখন ছবিৰ বাবে মাননী ভিত্তিত শিল্পী, কলা-কুশলী সংগঠিত কৰা আৰম্ভ কৰা হয়। এই প্ৰচেষ্টাত পৰিচালকে নিজা খেয়াল-খুচী মতে ছবি নিৰ্মানৰ সুবিধা পায়। সেয়ে এই কালতে পাৰম্পৰিক ধাৰাৰ ছবিৰ বাহিৰে 'নতুন ধাৰা' (New Wave), 'সমান্তৰাল চলচ্চিত্ৰ' (Parallel Cinema) আদি বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মান হ'বলৈ আৰম্ভ কৰে।
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে