"কাটাৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,478 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
চৌডি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ৷ চৌডি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ হ'ল ৬০কিলোমিটাৰ৷ ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে৷ উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল৷সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়৷কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ৷ পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ৷
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল - মডিনাত অল শ্বামাল৷ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷ কাটাৰৰ একমাত্ৰ এয়াৰপৰ্টটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷ অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত টুৰিষ্টে মনোৰঞ্জনৰ বাবে যায়৷
 
কাটাৰৰ বতৰ :
নভেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায়৷মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে৷কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়৷কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷
কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ ৷ তথাপিও দেশখনৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷
 
== অৰ্থতন্ত্ৰ ==
22

টা সম্পাদনা