কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

74 নং শাৰী:
 
'''কাটাৰ''' পশ্চিম [[এছিয়া]]ৰ এখন [[দেশ]] । ইয়াৰ ৰাজধানী হ'ল ড'হা । মাটিকালি ১১,৮৩৭ বৰ্গকিমি. ।
 
 
কাটাৰ পশ্চিম এছিয়াৰ এখন দেশ ।কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ ৷ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ ৷
অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ ৷
 
 
==কাটাৰৰ শিক্ষা==
Line 81 ⟶ 86:
কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷ চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷চৰকাৰে ষ্টেচনাৰী,বিদ্যুত,পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷
আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷
 
==চিকিৎসা ব্যৱস্থা==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে