কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
81 নং শাৰী:
কাটাৰ হ'ল এখন সৰু দেশ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷ আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷
কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷ চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷চৰকাৰে ষ্টেচনাৰী,বিদ্যুত,পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷নহয় ৷ ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷
ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷
 
==চিকিৎসা ব্যৱস্থা==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে