প্ৰমথেশ চন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :de:Pramathesh Chandra Barua, en:Pramathesh Barua, it:Pramathesh Chandra Barua
No edit summary
20 নং শাৰী:
}}
 
'''প্ৰমথেশ চন্দ্ৰ বৰুৱা''' (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল [[ভাৰত]]ৰ প্ৰাক্‌-স্বাধীনতা যুগৰ এজন অভিনেতা, [[চলচ্চিত্ৰ]] পৰিচালক আৰু [[চিত্ৰনাট্য]] লেখক | [[অসম]]ৰ [[গৌৰীপুৰ]]ত জন্ম লাভ কৰা বৰুৱাই [[বাংলা]] আৰু [[হিন্দী]] চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল | বৰুৱাই ''"অপৰাধী"'' ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম | আনহাতে বৰুৱাৰ ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে [[ফ্লাছবেক মন্তাজ]], [[টেলীপেথী শ্বট্‌]], আৰু [[চাবজেক্টতিভ কেমেৰা]]ৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল |
<ref>{{cite web|url=http://www.calcuttaweb.com/cinema/pramatheshbarua.shtml|title=Calcuttaweb Cinema - Pramathesh Barua|publisher=www.calcuttaweb.com|accessdate=2008-10-23|last=|first=}}
</ref>|
 
==প্ৰাৰম্ভিক জীৱন==
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰ পৰিয়ালত | পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা | তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰেকৰে। <ref>{{cite web|url=http://www.bfjaawards.com/archives/articles/198801.htm|title=IndianCinema:The Platinum Touch|publisher=www.bfjaawards.com|accessdate=2008-10-23|last=Bhanja|first=Manujendra |archiveurl = http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm |archivedate = 2008-05-02}}</ref> | তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ |প্ৰণৱেশ। সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল |
 
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে |কৰে। ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয় |হয়। ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয় | ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে | [[অসম বিধানসভা]]ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে | কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেওসত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে |পৰে। বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী [[যমুনা বৰুৱা]]ৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয় |হয়।
 
==চলচ্চিত্ৰ জীৱন==
কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই [[ধীৰেন্দ্ৰ নাথ গাংগুলী]]ৰ [[দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেড]]ত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে |কৰে। তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায় |যায়। তেখেতে [[লণ্ডন]]ত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও [[পেৰিচ]]ত লাইট বয় হিছাপে কাম শিকে |শিকে।
 
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে [[বৰুৱা পিক্‌চাৰ্ছ লিমিটেড]] স্থাপন কৰে |কৰে। ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ ''"অপৰাধী"''য়ে মুক্তি লাভ কৰে |কৰে। এই [[অবাক চলচ্চিত্ৰ]]খনৰ পৰিচালক আছিল [[দেবকী বসু]] | এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয় |হয়। ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত ''"ভাগ্যলক্ষ্মী"(১৯৩২)'' ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে |কৰে। গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত [[নিউ থিয়েটাৰ্ছ কলিকতা|নিউ থিয়েটাৰ্ছ]]ত যোগদান কৰে |
 
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি ''[[দেৱদাস (১৯৩৫ চলচ্চিত্ৰ)|দেৱদাস]]'' নিৰ্মাণৰ সুযোগ পায় | [[শৰৎ চন্দ্ৰ চট্টোপাধ্যায়]]ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে [[বাংলা ভাষা]]ত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল |কৰিছিল। পিছত তেখেতে [[কুণ্ডন লাল চাইগল]]ক নায়ক হিছাপে লৈ ১৯৩৬ চনত [[হিন্দী ভাষা]]ত ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' মুক্তি দিয়ে |দিয়ে। এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে |পৰে। ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু [[কুণ্ডন লাল চাইগল]]ক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে |কৰে। ইয়াৰ পিছত বৰুৱাই হিন্দীত ''"মঞ্জিল"''(১৯৩৬), ''"মুক্তি"''(১৯৩৭), ''"অধিকাৰ"''(১৯৩৮), ''"ৰজত জয়ন্তী"'' (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ ''"জিন্দেগী"''(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে |কৰে।
 
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল [[বিমল ৰয়]] যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে |পৰে।
 
প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয় | কিছু এই সময়ৰ তেখেতৰ ছবিবোৰৰ ভিতৰত কেৱল ''"শেষ উত্তৰ"/"জৱাব"'' (১৯৪২)এ কিছু সফলতাৰ মুখ দেখে |দেখে। তেখেতে ''''[[The Way of All Flesh (film)|The Way of All Flesh]]'''' ছবিখনৰ ভাৰতীয় ৰূপ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যদিও ই বাস্তৱত পৰিণত নহ’ল |নহ’ল।
 
==মৃত্যু==
অত্যধিক মদ্যপানৰ ফলত বৰুৱাৰ স্বাস্থ্য লাহে লাহে পৰি আহে |আহে। ১৯৫১ চনৰ ২৯ নৱেম্বৰত মাত্ৰ ৪৮ বছৰ বয়সতে তেখেতে মৌলিন ষ্ট্ৰীটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে |কৰে। কলিকতাৰ কেওৰালতা সমাধিক্ষেত্ৰত তেখেতৰ অন্তিম সৎকাৰ কৰা হয় |হয়।
 
==চলচ্চিত্ৰসমূহ==