বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল ...
 
No edit summary
1 নং শাৰী:
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হলে এই সকলোবিলাক ক্ৰিয়া বাধা প্ৰাপ্ত হয়৷
আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথম বাৰৰ বাবে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ ফেচিয়েল পালচি" বুলি কোৱা হয়৷
লক্ষণসমূহ : - মুখ মণ্ডলৰ এফাল হঠাৎতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰা হয়৷হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷