চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সুৰক্ষিত "চলচ্চিত্ৰ": অৰ্থহীন তথ্য সংযোগ (‎[edit=autoconfirmed] (অনিৰ্দিষ্ট) ‎[move=autoconfirmed] (অনিৰ্দিষ্ট))
'বোলছবি' শব্দটোৰ প্ৰৱৰ্তক
9 নং শাৰী:
চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ [[দৃষ্টি জড়তা]]ৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে (beta movement) ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়।
 
'চলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অসমীয়া ভাষাত 'বোলছবি' শব্দটোৰ প্ৰথম প্ৰয়োগ কৰিছিল [[পাৰ্বতী প্ৰসাদ বৰুৱা]]ই।<ref>http://www.geetikavi.com/html/hisworks/movie.aspx আহৰণ কৰা তাৰিখ: ০৩-০৪-২০১২</ref> অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুল ভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' (movie) শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' (Film) শব্দটো বহুল ভাৱে প্ৰচলিত। অন্যান্য নাম যেনে 'পিক্‌চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুল ভাৱে প্ৰচলিত।
 
বিযয় অনুসৰি চলচ্চিত্ৰক মূলত: দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' (feature film) আৰু 'তথ্যচিত্ৰ' (documentary)। কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচ্চিত্ৰ নিৰ্মান কৰা হয়।
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে