প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''প্ৰিন্টাৰ''' হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্...
 
No edit summary
1 নং শাৰী:
[[File:Canon ir2270.jpg|thumb|স্কেন, ফ'টোকপি আৰু প্ৰিন্ট কৰিব পৰা সুবিধাৰে এটা আধুনিক প্ৰিন্টাৰ]]
'''প্ৰিন্টাৰ''' হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত ডেটা যেনে নথি পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ। সাধাৰণতে বেছিভাগ প্ৰিন্টাৰকেই একোডাল প্ৰিন্টাৰ কেবলৰ (LPT) সহায়ত এটা কম্পিউটাৰৰ লগত সংযোগ কৰা হয় যদিও সম্প্ৰতি বজাৰত পোৱা নতুন প্ৰিন্টাৰসমূহক কম্পিউটাৰৰ লগত সংযোগ কৰিবলৈ একোডাল [[ইউ এছ বি]](USB) ডেটা কেৱল ব্যৱহাৰ কৰা হয় আৰু ই নিজৰটোৰ লগতে আন কেবাটাও কম্পিউটাৰক সেৱা আগবঢ়াব পাৰে। কিছুমান প্ৰিন্টাৰক '''নেটৱৰ্ক প্ৰিন্টাৰ''' বুলি কোৱা হয়, ইহতৰ নিজাকৈ নেটৱৰ্কৰ লগত সংযুক্ত হ'ব পৰা সজুলি যেনে [[নেটৱৰ্ক ইন্টাৰ্ফেচ কাৰ্ড]](NIC) বা [[ইথাৰনেট কাৰ্ড]] আদি মজুত থাকে আৰু ইহতে এটা কম্পিউটাৰ নেটৱৰ্কত সম্পুৰ্ণ অকলশৰীয়া নোড(Node) হিচাপে কাম কৰিব পাৰে।