সংযুক্ত মুক্তি বাহিনী, অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাৰতৰ এক সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন
Content deleted Content added
নতুন পৃষ্ঠা: '''সংযুক্ত মুক্তি বাহিনী, অসম''' সংযুক্ত মুক্তি বাহিনী অসম, চম...
(কোনো পাৰ্থক্য নাই)

16:04, 4 April 2012ৰ সংস্কৰণ

সংযুক্ত মুক্তি বাহিনী, অসম

    সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা অসমৰ সাৰ্বভৌমত্ব দাবী কৰা ভাৰত চৰকাৰ এটা নিষিদ্ধ ঘোষিত সংগঠন | সংগঠনটোক উগ্ৰপন্থীৰ শাৰীত ৰাখি নিষিদ্ধ ঘোষিত কৰা হৈছিল ১৯৯০ চনত | কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অন্যান্য গোটসমূহৰ শাৰীত ৰখা হৈছে সংগঠনটোক |
  সংগঠনটোৱে নিজেই কৰা দাবীমতে তেওঁলোকৰ সংগঠনটোৰ জন্ম হয় আহোম ৰাজত্বৰ চিন স্বৰৄপ শিৱসাগৰৰ বিখ্যাত ৰংঘৰৰ বাকৰিত ১৯৭৯ চনৰ ৭ এপ্ৰিলত | সুনীল নাথৰ মতে আলফাই নগালেণ্ডৰ সংগঠন এন.এছ.চি.এনৰ লগত ১৯৮৩ চনত সম্পৰ্ক স্থাপন কৰে আৰু ম্যানমাৰৰ কে.আই.এৰ লগত  ১৯৮৭ চনত | এই সকলোবিলাক মিলি ১৯৯০ চনৰ ওচৰে পাজৰে প্ৰধান প্ৰধান উগ্ৰবাদী কাৰ্য্যসমূহ আৰম্ভ কৰে | ভাৰতীয় সেনাই ১৯০ চনত সংগঠনটোৰ বিৰুদ্ধে সেনা অভিযান আৰম্ভ কৰে যিটো আজিলৈকে বিৰাজমান | সাৰ্বভৌমত্ব দাবী কৰা আলফা আৰু ভাৰত চৰকাৰ যুঁজৰ মাজত যোৱা দুটা দশকত আনুমানিক ১৮০০০মান লোকৰ প্ৰাণ হানি হয় | কিন্তু যোৱা ২০০৯ চনৰ ডিচেম্বৰৰ ৫ তাৰিখে সভাপতি আৰু সহ অধিনায়ক পদৰ অধিকাৰী দুজনে আত্ম সমৰ্পন কৰে |
   সদ্য প্ৰাপ্ত তথ্য অনুসৰি আলফাৰ সৰহ সংখ্যক সদস্য বাংলাদেশত ধৰা পেলোৱা হয় | বাংলাদেশৰ বদলি হোৱা চৰকাৰে ভাৰতৰ লগত ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক বঢ়োৱাৰ উদ্দেশ্য এই পদক্ষেপ আগবঢ়ায় | ভাৰত চৰকাৰেও বাংলাদেশৰ ওচৰত হেঁচা প্ৰয়োগ কৰে যাতে আলফাৰ বৰমূৰীয়াসকলক আত্মসমৰ্পন কৰাই আলোচনাৰ মেজলৈ আনিব পাৰে |তাৰ ওপৰিও ভাৰত চৰকাৰ উদ্দেশ্য আন এটা উদ্দেশ্য  যে আলফাই সাৰ্বভৌমত্বৰ চৰ্ত ত্যাগ কৰি আলোচনাৰ মেজলৈ আহে |
    কিন্তু আত্মসমৰ্পনকাৰী আলফা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এটা ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় তিনি ছেপ্তেম্বৰ ২০১১ত | চুক্তিখনত ভাৰত চৰকাৰক গৄহ বিভাগৰ যুটীয়া সঞ্চালক  (উত্তৰ-পূৱ), অসমক প্ৰতিনিদ্ধিত্ব কৰে গৄহ বিভাগৰ উপায়ুক্ত জিষ্ণু বৰুৱা আৰু অসমৰ সহ আৰক্ষী প্ৰধান শ্ৰী খগেন শৰ্ম্মাই | আনহাতে আত্মসমৰ্পণকাৰী আলফা গোটক প্ৰতিনিদ্ধিত্ব কৰে শ্ৰী শশধৰ চৌধুৰী,শ্ৰী চিত্ৰবন হাজৰিকা আৰু শ্ৰী ৰাজু বৰুৱাই |

মূখ্য নেতাসকল:

- পৰেশ বৰুৱা (মুখ্য সেনাধক্ষ্য)(বৰ্তমান ম্যানমাৰত, ম্যানমাৰ আৰু চীনলৈ অহাযোৱা কৰি আছে বুলি জনা যায়) -অৰবিন্দ ৰাজখোৱা (সভাপতি)(অসম চৰকাৰৰ চৰ্ত সাপেক্ষে জানুৱাৰী ১, ২০১১ৰ পৰা মুক্ত অৱস্থাত আছে) -প্ৰদীপ গগৈ(উপ--সভাপতি)(চৰ্ত সাপেক্ষে মুক্ত অৱস্থাত) -অনুপ চেতিয়া(সাধাৰণ সম্পাদক)(বৰ্তমান বাংলাদেশৰ ন্যায়িক জিম্মাত আছে) -ৰাজু বৰুৱা( উপ মুখ্য সেনাধক্ষ্য)(বেইলত মুক্ত অৱস্থাত আছে) -মিথিংগা দৈমাৰী(প্ৰচাৰ সচিব)(বেইলত মুক্ত অৱস্থাত) -চিত্ৰবণ হাজৰিকা( অৰ্থ বিভাগৰ সচিব)(বেইলত মুক্ত অৱস্থাত আছে) -প্ৰণতি ডেকা(সাংস্কৄতিক সম্পাদক)(বেইলত মুক্ত অৱস্থাত) -ভীমকান্ত বুঢ়াগোঁহাই(ৰাজনৈতিক উপদেষ্টা) -শশধৰ চৌধুৰী(বৈদশিক সচিব)(বেইলত মুক্ত)

ইতিহাস

   আলফা আৰম্ভ হৈছিল আছুৰ বুকুতে | আছু যেতিয়া বিদেশী বিতাৰণ আন্দোলনৰ তুংগত আছিল তেতিয়াই জন্ম হৈছিল আলফাৰ | ৭ এপ্ৰিল ১৯৭৯ চনত জন্ম হোৱা আলফাৰ  প্ৰতিষ্ঠাপক সকল আছিল পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া,প্ৰদীপ গগৈ, ভদ্ৰেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ |এখন সামাজিক, ভৌগলিক আৰু অৰ্থনৈতিক ভাৱে স্বাধীন অসম ৰচাৰ সপোনলৈ জন্ম হৈছিল আলফাৰ | স্থান আছিল আহোম ৰজাই ৰাজত্ব চলোৱা শিৱসাগৰৰ ৰংঘৰৰ বাকৰি |
   সামৰিক সদস্যৰ  অন্তৰ্ভুক্তি হৈছিল আলফাত ১৯৮৩ লৈকে | ১৯৮৪ চনত তেওঁলোকে সদস্যভুক্তি বন্ধ কৰি দিয়ে | তাৰ পাছতেই তেওঁলোকে কাচিন ইণ্ডিপেণ্ডেছ আৰমী  (কে.আই.এ) আৰু এন.এছ,চি এনৰ লগলাগি কাচিনত প্ৰশিক্ষন আৰু ভাতৄ সংগঠনসমূহৰ পৰা অস্ত্ৰ সৰবৰাহৰ কাম আৰম্ভ কৰে | ১৯৮৬ চনত তেওঁলোকে ভাৰতত অৰ্থ সংগ্ৰহৰ কাৰণে ধন দাবী আৰম্ভ কৰে | তাৰ পাছত তেওঁলোকে সদস্যসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে ডিব্ৰুগড়ৰ আৰু তিনিচুকীয়াত  | কিন্তু ভাৰত চৰকাৰৰ তত্‍পৰতাত সেই বছৰৰে নবেম্বৰৰ ৭ তাৰিখে সংগঠন আৰু সংগঠনটোৰ শিবিৰবোৰক বেআইনী কাৰ্য্যকলাপ (আগতীয়া সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হয় | 
      জন্মৰ মাত্ৰ এটা দশকৰ ভিতৰতে আলফাই এটা শক্তিশালী সংগঠনৰ  ৰৄপত দক্ষিণ-পূৱ এছিয়াত আত্মপ্ৰকাশ কৰে | তাৰ একমাত্ৰ কাৰণ আছিল আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ অকুণ্ঠ সহাঁৰি | যাৰ ফলত অৰ্থনৈতিক ভাৱে সৱল হৈ সামৰিক কৰ্মকাণ্ডবোৰ কৰাত সফল হৈ উঠিছিল আলফা | ১৯৯০ চনৰ আগভাগত আলফাই সামৰিক কৰ্মকাণ্ডবোৰ প্ৰতিৰক্ষা বাহিনীৰ আৰু ৰাজনৈতিক বিৰোধীক হত্যা , ৰেল বগৰোৱা আদিবোৰেৰে বঢ়াই তোলে | ১৯৯০ৰ পৰাই আলফাই পূৰ্ণ শক্তিৰে নিজৰ উগ্ৰপন্থী কাৰ্য্যকলাপবোৰ কৰা আৰম্ভ কৰে | 

আলফা, নিজ ভাষ্যমতে

 আলফা এটা "বিপ্লৱী ৰাজনৈতিক সংগঠন" যি সংগঠিত হৈছে ভাৰত চৰকাৰে অসমত চলোৱা ৰাজ্যিক সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকট দূৰ কৰি এখন "সাৰ্বভৌম" আৰু "স্বাধীন অসম"ৰ গঢ়াৰ "মুক্তি সংগ্ৰাম"ত | ই নিজকে বিচ্ছিন্নতাবাদী সংগঠন বুলি মানি ল’ব নোখোজে, কাৰণ তেওঁলোকে দাবী কৰে যে অসম কেতিয়াও ভাৰতৰ অংগ নাছিল আৰু এইটো মাত্ৰ ১৮২৬ চনত ইংৰাজ চৰকাৰৰ জেনেৰেল ছাৰ আৰ্কিবল্ড কেম্পবেল আৰু বাৰ্মাৰ লিগেইংৰ ৰাজ্যপাল মহা মিন হ্লা ক্যাও টিনৰ মাজত হোৱা "ইয়াণ্ডাবু সন্ধি"ৰ ফলাফল | সন্ধি মতে ইংৰাজ থাকি গ’ল ইয়াণ্ডাবু গাঁৱত,  ৰাজধানী আভাৰ পৰা মাত্ৰ ৫০ কিঃমিঃ দূৰৈত | আৰু সন্ধিৰ আন এটা চুক্তি মতে বাৰ্মা সকলে কোনো আলোচনা নকৰাকৈয়েই এই সীমাৰেখা মানিবলৈ বাধ্য হৈছিল |
    চুক্তিমতে , বাৰ্মীজসকল মান্তি হ’ল (১) অসমকে আদি কৰি মণিপুৰ , ৰাখিনে(আৰাকান) আৰু তানিনথাই(টেনচ্ছেৰিম, চালৱীন নদীৰ দক্ষিণ উপকূল) (২) কাছাৰ আৰু জয়ন্তীয়াত সকলোধৰণৰ কাৰ্য্যকলাপ বন্ধ কৰা (৩) চাৰিটা কিস্তিত ইংৰাজক দহ লাখ পাউণ্ড সোধাব লাগিব (৪)ৰাজধানী আভা আৰু কলকাতাৰ মাজত প্ৰশিক্ষিত প্ৰতিনিধিৰ বিনিময় (৫) আৰু এটা বাণ্যিজিক চুক্তি 
  আলফাই আৰু দাবী কৰে যে অসমৰ জনসাধাৰণে বহুত সমস্যাৰ সন্মুখীন হৈ আছে , কিন্তু ৰাষ্ট্ৰীয় পৰিচয়ৰ সমস্যাটো প্ৰধান আৰু সেইবাবে আলফাই জাতি ধৰ্ম বৰ্ণ নামানি প্ৰতিনিদ্ধিত্ব কৰিবলৈ বিচাৰে  "স্বাধীন মনৰ সংগ্ৰামী অসমীয়া জনতা"ক |

আলফা, ভাৰত চৰকাৰৰ ভাষ্যমতে

     ভাৰত চৰকাৰে আলফাক এটা উগ্ৰপন্থী সংগঠন বুলি শ্ৰেণীভুক্ত কৰি ১৯৯০ চনত বেআইনী কাৰ্য্যকলাপ(সাৱধানতা)  আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছে |তাৰ সমসাময়ীকভাৱে ভাৰত চৰকাৰে আলফাৰ বিৰৄদ্ধে সামৰিক অভিযান আৰম্ভ কৰে | প্ৰথম ১৯৯০ চনত অপাৰেচন বজৰং, ১৯৯১ চনত অপাৰেচন ৰাইন’ আৰু  ২০০৩ চনত অপাৰেচন অলক্লিয়েৰ আৰু অপাৰেচন ৰাইন’( দ্বিতীয় ) |ইউনিফাইড কামাণ্ডৰ অধীনত এতিয়াও আলফাৰ ওপৰত দমনমূলক অভিযান চলি আছে |
ভাৰত চৰকাৰে আলফাৰ ওপৰত পাকিস্থানৰ আই.এছ.আই  আৰু বাংলাদেশৰ ডি.জি.এফ.আইৰ লগত সম্পৰ্কৰ , আৰু ভাৰতৰ বিৰৄদ্ধে এখন কূটনৈতিক শীতল যুদ্ধৰ আৰম্ভ কৰা অভিযোগ কৰিছে |

চীনৰ সৈতে সম্পৰ্ক

  এই আইনৰ বাহিৰৰ গোট বিলাকে চীনক আশ্ৰয় হিচাবে ব্যৱহাৰ কৰি বাৰ্মা আৰু বাংলাদেশৰ যোগেদি ভাৰতক হেঁচা প্ৰদান কৰিছে, তাৰ প্ৰ্তিক্ৰিয়া স্বৰৄপে ভাৰতেও হেঁচা প্ৰদান কৰে | সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা চীন-বাৰ্মা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ওচৰতে থাকি অন্য এটা বেলেগ আশ্ৰয় স্থানৰ সন্ধান কৰি আছে | প্ৰায় ৫০ জন আলফাৰ সদস্যৰে সৈতে লেফেটেণেন্ট পাৰ্থ জ্যোতি গগৈ চীনৰ য়ুনান প্ৰদেশৰ কোনো ঠাইত আশ্ৰয় লৈ আছে |

মূখ্য গতিবিধিবোৰ

হত্যাকাণ্ডবোৰ

    আলফাৰ  কিছুমান মুখ্য হত্যাকাণ্ডবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল ১৯৯০ চনৰ মে’ মাহত কৰা সুৰেন্দ্ৰ পালৰ হত্যাকাণ্ড | সুৰেন্দ্ৰ পাল ব্যৱসায়ী লৰ্ড স্বৰাজ পালৰ ভায়েক আছিল | এই কাণ্ডটোৱেই তেতিয়াৰ  প্ৰফুল্ল কুমাৰ মহন্তৰ অসম চৰকাৰক প্ৰায় জোঁকাৰি পেলাইছিল | আৰু এই হত্যাকাণ্ড‍ই জন্ম দিছিল অপাৰেচন বজৰংৰ |
 আলফাৰ সামৰিক দিৱস, ১৬ মাৰ্চ ২০০৩ চনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এখন বাছত এটা আই.ই.ডিৰ বিস্ফোৰণ  ঘটাই | ঘটনাস্থলীত ছয়জন সাধাৰণ জনতা আৰু ৫৫ জন আহত হয় |
    ১৯৯১ চনত এজন ৰাচিয়ান অভিযন্ত্ৰা আৰু এজন ছোভিয়েট ইউনিয়নৰ ব্যক্তিক অপহৰণ কৰি হত্যা | ১৯৯৭ চনত সঞ্জয় ঘোষৰ হত্যা | আটাইতকৈ ডাঙৰ চৰকাৰী মানুহ হিচাবে আলফাই হত্যা কৰে অ.গ.পৰ মন্ত্ৰী নগেন শৰ্মাক ২০০০ চনত | ১৯৯৭ চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত আলফাই এটা অসফল হত্যাকাণ্ডৰ চেষ্টা চলায় | আলফাৰ লক্ষীপথাৰত থকা জঙ্ঘলৰ মাজৰ পৰিত্যক্ত কেম্পত উদ্ধাৰ হোৱা এটা গণ কবৰে সংগঠনটোৰ কাৰ্য্যকলাপৰ প্ৰমাণ দিয়ে |

আলফাই নিজৰ চেগা চোৰোগা আক্ৰমণ কৰি আহিছে চৰকাৰী প্ৰতিৰক্ষা বাহিনীৰ বিৰৄদ্ধে |

    ২০০৩ চনত আলফাক অভিযুক্ত কৰা হয় অসমত থকা বিহাৰৰ শ্ৰমিক হত্যাৰ, যিটো বিহাৰৰ মাজেদি যোৱা এগৰাকী মণিপুৰী যুৱতীৰ ওপৰত কৰা উত্‍পীড়নৰ প্ৰতিবাদ স্বৰৄপে | এই ঘটনাই অসমত এটা বিহাৰী বিৰোধী আৱেগৰ জন্ম দিয়ে, আৰু আলফাই পুনৰ হেৰুৱা সন্মান ঘুৰাই পোৱাৰ সপোন দেখে | কিন্তু আলফাই কেইবাটাও প্ৰজন্ম ধৰি বসবাস কৰা বিহাৰীলোককেইজন মানক হত্যা কৰে , যিটোৱে সমগ্ৰ অসমকে লজ্জিত কৰি তোলে |

বিহাৰী বিৰোধী হত্যাকাণ্ডৰ বিষয়ে অধিক তথ্য